Advertisment

নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মেৰাপানীত তিনি সংগঠনৰ অৱস্থান ধৰ্মঘট

মেৰাপানী সীমান্তত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি ছাত্র সন্থাৰ।

author-image
Asomiya Pratidin
New Update
নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মেৰাপানীত তিনি সংগঠনৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ মেৰাপানীঃ মেৰাপানী সীমান্তত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে এইবাৰ অৱস্থান ধৰ্মঘটত বহিল মেৰাপানীৰ তিনি ছাত্র সংগঠন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি ছাত্র সন্থাই সোমবাৰে মেৰাপানীস্থিত চি আৰ পি এফ চাউনিৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ জৰিয়তে নগাৰ আগ্ৰাসনৰ বিৰোধিতা কৰে।

Advertisment

উল্লেখযোগ্য যে, শেহতীয়াকৈ নগাই মেৰাপানীৰ সমীপৱৰ্তী নেঘেৰীবিল নামৰ বনভোজস্থলীত অসমৰ বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফৰমান জাৰি কৰিছিল। নগা প্ৰশাসনৰ সহযোগত মিকিৰাং, লিঅ' লুংচুম আৰু লুঙায়েম ভিলেইজ কাউন্সিল সমিতিয়ে বনভোজস্থলীত অসমীয়া লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ নিৰ্দেশনা দি ইতিমধ্যে জাননী আঁৰি দিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে নগাৰ এই কাৰ্যৰ বিৰোধিতা কৰি গোলাঘাট প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও গোলাঘাট জিলা প্ৰশাসনে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শনিবাৰে ছাত্ৰ সংগঠন তিনিটাই এই গম্ভীৰ সমস্যা সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেল যোগে পুনৰ আহ্বান জনাইছিল।

কিন্তু গোলাঘাট জিলা প্ৰশাসনে ঘটনাটোত তিলমানো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ সোমবাৰে ছাত্র সংগঠন কেইটাই এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ পাছতো যদি স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত অসমৰ প্ৰশাসনৰ গা নলৰে তেন্তে পৰৱৰ্তী সময়ত সংগঠন কেইটাই নাগালেণ্ডৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্য্যসূচী হাতত ল'ব বুলি হুংকাৰ দিয়ে।

মেৰাপানী