বালিচোৰৰ সন্ত্ৰাস! আক্ৰমণত ধৰাশায়ী স্বামীসহ মহিলা কৰ্মচাৰী...

বালিচোৰৰ সন্ত্ৰাস! আক্ৰমণত ধৰাশায়ী স্বামীসহ মহিলা কৰ্মচাৰী...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ বকিয়াল বনখণ্ড কাৰ্যালয়ৰ অধীনস্থ এলেকাত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতি, অনিয়ম আদিৰ বাতৰিয়ে শিৰোনাম দখল কৰি অহাৰ সময়তে শেহতীয়াকৈ বালিচোৰৰ সন্ত্ৰাসত স্বয়ং বালিমহলদাৰে ত্ৰাহি মধুসুদন সুঁৱৰিব লগীয়া হৈছে। বালিচোৰে কেৱল বালি চোৰ কৰিয়েই ক্ষান্ত নাথাকি বালিমহলৰ কৰ্মচাৰীক প্ৰহাৰ কৰি ধৰাশায়ী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

ইয়াৰে এজন বালি চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদালয়ত চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাটৰ বকিয়াল খণ্ড বন বিভাগৰ অন্তৰ্গত বকিয়ালৰ বালি মহলত বালি চোৰে দীৰ্ঘদিনৰে পৰা বালি চুৰিৰে সন্ত্ৰাস চলাই আহিছে।

এই বালিচোৰৰ সন্ত্ৰাসৰ বাবেই মহলটোত নিয়োজিত এগৰাকী মহিলা কৰ্মচাৰী আৰু পৰিয়াল শংকাত দিন অতিবাহিত কৰি আহিছিল। জানিব পৰামতে বকিয়াল নদীৰ এটা শিলৰ আৰু চেণ্ড গ্ৰেভেলৰ কোৱেৰী বন বিভাগৰ অনুমোদন সাপেক্ষে চলাই আছিল ৰোহিনী গগৈ নামৰ মহলদাৰে ৷ এই মহলতে মহৰী হিচাপে কামত নিয়োজিত হৈ আছিল ভানুগগৈ নামৰ এগৰাকী মহিলা কৰ্মচাৰী।

ভুক্তভোগী ভানুৱে জানিবলৈ দিয়া মতে বালি চোৰৰ উৎপাতৰ বাবে ভানুৱে বালিচোৰ কৰা গাড়ীবোৰৰ ফটো মাৰি মহলদাৰলৈ পঠাই থাকে ৷ ২৭ জুনৰ বিয়লি ভানুৱে এনেদৰে বালি চুৰিত ব্যৱহাৰ কৰা ডাম্পাৰ, টেক্টৰৰ ফটো মাৰি থকাত দুই বালি চোৰ তুলসী গগৈ আৰু পৰাগ গগৈ ওৰফে লাফিঙয়ে সেই স্থানত উপস্থিত হৈ ভানুক ম’বাইলৰ ফটো ডিলিট কৰিবলৈ ভাবুকি দিয়াৰ পিছত ভানুক মাৰপিট কৰি বগৰাই গাৰ কাপোৰ পৰ্যন্ত ফালি পেলায় ৷

ঘটনা সন্দৰ্ভত ভানুৱে নুমলীগড় থানাত গোচৰ দিয়াত সন্ধিয়া বিকাশ গগৈ আৰু খগেন নেওগে দোকান লৈ বজাৰ কৰিব লৈ যোৱাৰ সময়তে ভানুৰ স্বামী ৰুকুল গগৈ আৰু ককায়েক অভি গগৈক মাৰপিট কৰাত ৰুকুল গগৈয়ে মুখ, হাত আৰু ভৰিত বেয়াকৈ আঘাত পায় ৷

ৰুকুলৰ এটা ভৰিৰ আঙুলি ভাঙি যোৱাত ততাতৈয়াকৈ স্থানীয় নুমলীগড় শোধনাগাৰৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় । আঘাতৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানেও তেওঁ যোৰহাটত চিকিৎসাধীন হৈ আছে।

ঘটনা সন্দৰ্ভত বালিৰ মহলদাৰ ৰোহিনী গগৈ, কৰ্মচাৰী ভানু গগৈ আৰু ৰুকুল গগৈয়ে পৃথকে-পৃথকে গোলাঘাটত থানাত গোচৰ তৰিছে ৷ ইতিমধ্যে বালিচোৰে গোচৰ উঠাই ল'বলৈ ভাবুকিকে ধৰি বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিও আৰক্ষীয়ে ঘটনাৰে জড়িত সকলোকে থানালৈ মাতি নি তদন্ত অব্যাত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য বন বিভাগৰ একাংশ লোকক মেনেজ কৰি এই বালিচোৰৰ দলটোৱে দীৰ্ঘ দিনৰে পৰা বালি চুৰি বন ধ্বংসত নামি পৰিছে।

বালিচোৰৰ সন্ত্ৰাস! আক্ৰমণত ধৰাশায়ী স্বামীসহ মহিলা কৰ্মচাৰী...
বিশ্বব্ৰহ্মাণ্ডক গুঞ্জৰিত কৰা কম কম্পনাংকৰ মহাকৰ্ষণীয় তৰংগৰ ইংগিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in