কহঁৰাৰ কদৰ্য পৰিৱেশত অতিষ্ঠ প্ৰত্যক্ষদৰ্শী

কাঢ়িছে কাজিৰঙাৰ সৌন্দৰ্য
কহঁৰাৰ কদৰ্য পৰিৱেশত অতিষ্ঠ প্ৰত্যক্ষদৰ্শী

ডিজিটেল সংবাদ,কাজিৰঙা : মাজত আৰু কেইটামান দিন ৷ আৰম্ভ হ'ব কাজিৰঙা পৰ্যটন ২০২৩-২৪ বৰ্ষ ৷ কিন্তু দেশী বিদেশী পৰ্যটকে কি পৰিবেশৰ মাজেৰে কাজিৰঙা দৰ্শন কৰিৱ লাগিব সেই দৃশ্য দেখিলে প্ৰত্যক্ষদৰ্শী আচৰিত হ'ব ৷ উল্লেখ্য যে চৰকাৰে বিভিন্ন সময়ত প্লাষ্টিকমুক্ত অসমৰ শ্লগান দিয়ে ৷ কিন্তু বাস্তৱক্ষেত্ৰত যদি চোৱা যায় কেৱল শ্লগানতে যেন সীমাবদ্ধ হয় প্লাষ্টিকমুক্ত অসম গঢ়াৰ কথা ৷

অসম পৰ্যটনৰ হটস্পট ৰূপে বিবেচিত হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰাত কেইটামান দিনৰ পাছতে দেশী বিদেশী অজস্ৰ পৰ্যটক আহি প্ৰথমে উপস্থিত হ'ব কহঁৰা চাৰিআলিত ৷ তাৰ পাছতে এক কদৰ্যময় পৰিবেশৰ মাজেৰে তেওলোকে কাজিৰঙা দৰ্শনৰ বাবে আগবাঢ়িব বুলি জানিব পৰা গৈছে ৷

সৌন্দৰ্য্যবৰ্ধনৰ নামত শূণ্য কাজিৰঙা পৰ্যটনে ভিআইপি আহিলেই সেউজীয়া কাপোৰে ঢাকি দিয়ে লেতেৰা ঠাইসমূহ ৷ সমান্তৰালকৈ যদি চোৱা যায় এই প্লাষ্টিকসমূহ মাত্ৰ এজাক বৰষুণতে কাষতে থকা কহঁৰা নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ৷

যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বাবে অতি ভয়াৱহ হৈ পৰে ৷ কিয়নো প্লাষ্টিক বা প্লাষ্টিকযুক্ত পানী সেৱন কৰে কাজিৰঙাৰ জীৱকূলে ৷ কাজিৰঙা পৰ্যটনৰ মুখ্য কাৰ্যালয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়,আৰক্ষী অতিথিশালাৰ লগতে বহুতো চৰকাৰী কাৰ্যালয় থকাৰ পাছতো এক প্ৰকাৰ সকলোৱে নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

কহঁৰাৰ কদৰ্য পৰিৱেশত অতিষ্ঠ প্ৰত্যক্ষদৰ্শী
খেল মহাৰণ সন্দৰ্ভত কামপুৰত গুৰুত্বপূৰ্ণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in