Advertisment

বোকাখাত -কাৰ্বি আংলং সীমান্তৱৰ্তী কাইফ'লাংচ' জলপ্ৰপাতত ঘটিব পাৰে অঘটন

বোকাখাত আৰু মনোমোহা কাৰ্বি আংলঙৰ সীমান্তত থকা পৰ্যটকৰ আকৰ্ষণ আৰু পিকনিকৰ বাবে প্ৰথম পচণ্ড হৈ উঠা কাইফ'লাংচ' জলপ্ৰপাতলৈ যাওঁতে সাৱধান।সামান্য অমনোযোগিতাৰ বাবে কাইফ'লাংচ' জলপ্ৰপাতলৈ যোৱা পৰ্যটক হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন।

author-image
Asomiya Pratidin
New Update
 বোকাখাত -কাৰ্বি আংলং সীমান্তৱৰ্তী কাইফ'লাংচ' জলপ্ৰপাতত ঘটিব পাৰে অঘটন

বোকাখাত -কাৰ্বি আংলং সীমান্তৱৰ্তী কাইফ'লাংচ' জলপ্ৰপাতত ঘটিব পাৰে অঘটন

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত আৰু মনোমোহা কাৰ্বি আংলঙৰ সীমান্তত থকা পৰ্যটকৰ আকৰ্ষণ আৰু পিকনিকৰ বাবে প্ৰথম পচণ্ড হৈ উঠা কাইফ'লাংচ' জলপ্ৰপাতলৈ যাওঁতে সাৱধান।সামান্য অমনোযোগিতাৰ বাবে কাইফ'লাংচ' জলপ্ৰপাতলৈ যোৱা পৰ্যটক হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন।

Advertisment

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কঁহৰাৰ পৰা মাত্ৰ ৪০ মিনিটৰ বাট এই কাইফ'লাংচ' জলপ্ৰপাত প্ৰকৃততে
মেঘালয়ৰ কোনো এটা জলপ্ৰপাততকৈ কোনো গুণে কম নহয়। সেয়ে প্ৰত্যেক বছৰেই বাঢ়ি আহিছে কাইফ'লাংচ'ত এটা দিন কটাই প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত বিলিন হ'ব খোজা পৰ্যটকৰ সংখ্যা।

লগতে বাঢ়িছে পিকনিক দলৰ সংখ্যাও। কিন্তু পৰ্যটকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা ষ্টীল আৰু লোহাৰ দলঙখন দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। লগতে লোহাৰ দলঙখন বহু ঠাইত জহি-খহি গৈছে, ভাগি পৰিছে ৰেলিং।

আনকি জলপ্ৰপাতৰ ঠিক সন্মুখৰ ভাগত ৰেলিং ডাল  লাগি আছে অতি বিপদজনক ভাৱে।কিন্তু দুৰ্ভাগ্য, এই ক্ষেত্ৰত বোকাখাত সম জিলা প্ৰশাসন আৰু জলপ্ৰপাতটো পৰিচালনা কৰা কাৰ্বি আংলং অট'ন'মাচ কাউঞ্চিল কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্ত দিয়া নাই যথোচিত গুৰুত্ব। এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰাৰো যথেষ্ট কৰণীয় আছিল যদিও এইবোৰলৈ কানসাৰ মন্ত্ৰী গৰাকীৰ।

ইফালে কাইফ'লাংচ' জলপ্ৰপাতৰ জলৰাশীত সাঁতুৰিবলৈ গৈ কেইবাজনো ব্যক্তিৰ সলিল সমাধি ঘটাৰ দৰে ঘটনাও ম্লান কৰিব নোৱাৰা পৰ্যটকৰ আকৰ্ষণক ব্যাঘাট জন্মাব পাৰে এই মৰণফাণ্ড সদৃশ জহি-খহি যোৱা ৰেলিং, ষ্টীল আৰু লোহাৰ দলঙখনৰ মুমূৰ্ষ অৱস্থাই।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাতি দূৰৈত অৱস্থিত এই কাকচাং বা কাইফ'লাংচ' জলপ্ৰপাতে কাজিৰঙাৰ পৰ্যটনক প্ৰদান কৰিব পাৰে আন এক মাত্ৰা। কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেয়া হৈ উঠাগৈ নাই কেৱল মাত্ৰ সু-পৰিকল্পনা আৰু আঁচনিৰ অভাৱত।

কাজিৰঙা পৰ্যটন গোলাঘাট