বাৰিষাৰ প্ৰাকক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য্য...

মনপ্ৰাণ হৰি নিব পৰা নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি
বাৰিষাৰ প্ৰাকক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য্য...

ডিজিটেল সংবাদ,কাজিৰঙা : হিম চেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত এতিয়া শুভ্ৰতাৰ আচ্ছাদন ৷ বাৰিষাৰ প্ৰাকক্ষণত সকলোৰে মনপ্ৰাণ হৰি নিব পৰা এক নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি ৷ তাতে সূৰ্য্যৰ কিৰণ পৰি উদ্ভাসিত হৈ পৰা শুভ্ৰতাখিনিক সুৱগা চৰাইছে গঁড় হৰিণা ম’হ আদি বন্যজন্তুৰ জাকবোৰে ৷

দেখিলেই এনে লাগিব যেন এখন বগা দলিছাহে পাৰি দিয়া হৈছে ৷ দেশ-বিদেশৰ পৰ্যটকৰ বাবে অৱশ্যেই স্মৰণীয় ক্ষণৰ সাক্ষী হ’ব পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ মনোমোহা দৃশ্যই পুলকিত কৰিছে।

উল্লেখ নকৰি নোৱাৰি যে যোৱা ফেব্ৰুৱাৰী -মাৰ্চ মাহত হোৱা কন্ট্ৰল বাৰ্ণিঙৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত গজি উঠা নতুন ঘাঁহনিৰ মাজত ঠাই লৈছে উলু বনে ৷ নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কহুৱাৰ দৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এইদৰে উলুফুলৰ পয়োভৰ ঘটিছে যদিও বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে মায়াবী পৰিৱেশৰ ৷ সুখবৰ যে এই উলুৱনি বিলাক দুস্প্ৰাপ্য উলুমৰা চৰাই বা বেংগল ফ্লৰিকানৰ আৱাসস্থলী ৷

অৱশ্যে এনে মায়াবী পৰিৱেশ উপভোগ কৰা সৌভাগ্য সকলো পৰ্যটকৰ বাবে সম্ভপৰ নহ’ব ৷ কাৰণ অহা ১৫ মেত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২৩ -২৪ পৰ্যটন বৰ্ষ ৷ গতিকে বাৰিষাৰ আগেয়ে ফুলিবলৈ লোৱা উলুফুলৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব পৰ্যটকসকল ৷

বাৰিষাৰ প্ৰাকক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য্য...
কলিয়াবৰৰ হাটবৰত পুৱতি নিশা পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in