অমানৱীয় ! আৰক্ষীৰ গৃহতেই নিৰ্যাতনৰ বলি বনকৰা কিশোৰী

অমানৱীয় ! আৰক্ষীৰ গৃহতেই নিৰ্যাতনৰ বলি বনকৰা কিশোৰী

ডিজিটেল সংবাদ,বোকাখাত : ৰক্ষকেই ভক্ষক ! এগৰাকী আৰক্ষী বিষয়াৰ ঘৰতে নিৰ্যাতিত বনকৰা শিশু। বোকাখাতৰ এগৰাকী আৰক্ষী বিষয়াৰ ঘৰত বনকৰা এটি শিশুক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ লগতে কন্যা শিশুটিৰ চুলি পৰ্যন্ত পৰিয়ালৰ লোকে খুড়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিচতে নিৰ্যাতিতাই ন্যায় বিচাৰি এতিয়া আইনৰ কাষ চাপিছে ৷ জানিব পৰামতে বোকাখাত মহকুমাৰ কাজিৰঙাৰ গেলেকীৰ মাতৃহীনা বিভীষণ ওৰাঙৰ ১২ বছৰীয়া কিশোৰী এটিক বোকাখাতৰ ম'হমাইকী গাঁৱত বসবাস কৰা আৰক্ষীৰ উপ-পৰিদৰ্শক জয়ন্ত বৰাই দীৰ্ঘদিনৰ পৰাই বনকৰা ছোৱালী হিচাবে তেওঁৰ ঘৰত ৰাখিছিল ৷

ঘৰৰ কাম ভালকৈ নকৰাৰ অজুহাতত আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত বৰাৰ পৰিয়ালৰ লোকে বিভিন্ন সময়ত শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপিত কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে ৷ ২ আগষ্টৰ দিনা আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ সদস্যই ১২ বছৰীয়া কিশেৰীগৰাকীক বাৰীৰ তামোল গছত বান্ধি বেলনা মাৰি আৰু কটাৰীৰ গাদিৰে অকথ্য নিৰ্যাতন চলায় ৷

নিশা কিশোৰীগৰাকীক তামোল গছত বান্ধি আৰক্ষী বিষয়া জয়ন্ত বৰাৰ পৰিয়ালৰ লোক ঘৰৰ ভিতৰ সোমোৱাত তামোল গছৰ পৰা কোনোমতে নিজকে মুকলি কৰি তেওঁ জয়ন্ত বৰাৰ ঘৰৰ পৰা পলায়ন কৰি নিশাই বোকাখাতৰ কান্ধুলিমাৰিত থকা পেহাকৰ ঘৰত গৈ ওলাই ৷

ইফালে ৩ আগষ্টৰ দিনা ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত বৰুৱাসহ পৰিয়ালৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাই সম্প্ৰতি বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বোকাখাতত আৰক্ষী বিষয়াৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ দ্বাৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱা ১২ বছৰীয়া কিশোৰীগৰাকীক প্ৰকৃত ন্যায় প্ৰদান কৰি অভিযুক্ত আৰক্ষী বিষয়া আৰু তেওঁৰ পৰিয়ালৰ লোকক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় দল-সংগঠন তথা সচেতন ৰাইজে।

অমানৱীয় ! আৰক্ষীৰ গৃহতেই নিৰ্যাতনৰ বলি বনকৰা কিশোৰী
বাংগালুৰুত সতীৰ্থৰ আক্ৰমণত মৃত্যু চিৰাঙৰ শ্ৰমিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in