/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9cf6732b-0d24-4737-8f6a-165d6c659a19/rabi_sarma.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত টিম "শ্ৰী ৰঘুপতি"ক বিপুল সম্বৰ্ধনা জনোৱা হয় । শেহতীয়াকৈ ৰাজ্যত মুক্তি লাভ কৰা "শ্ৰী ৰঘুপতি"য়ে বহু কোটি উপাৰ্জন কৰিছে । লগতে ৰাজ্যৰ চিনেমা হ'লত দৰ্শকৰ লানি নিছিগা শাৰী পৰিলক্ষিত হৈছে । দৰ্শকৰ বিপুল সঁহাৰিৰ পিছতেই দেওবাৰে গোলাঘাটত জনোৱা সম্বৰ্ধনাত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই কয় যে, "২০২৫ চনত আমি পুনৰ এখন নতুন অসমীয়া ছবি অসমবাসীক উপহাৰ দিম ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/98a11bf2-f2bd-46e8-94ca-ce7671228248/3f7cbb86_6285_467e_b752_f843f31fe9b8.jpg)
কালি সন্ধিয়া গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ এক চমু সম্বৰ্ধনা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি অভিনেতা ৰবি শৰ্মাই কয়, "অসম বাসীৰ এই মৰম অভূতপূৰ্ব । এই মৰম ভালপোৱাই আমাৰ দায়বদ্ধতা বৃদ্ধি কৰিলে । শ্ৰী ৰঘুপতিৰ জৰিয়তে আমি চৰকাৰৰ ঘৰত অধিক ৰাজহ দিবলৈ সক্ষম হৈছো । সেয়ে ৰাজ্যখনত অধিক ছবিগৃহৰ বাবে চৰকাৰৰ ওচৰত জোৰদাৰ দাবী জনোৱাৰ সুযোগ পাইছো ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0b45d5eb-4ae8-4e86-b956-37e8481dcf61/d4963559_8bcd_4098_a742_d7cc995d3a81.jpg)
এমেচাৰ থিয়েটাৰ চচাইটিৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত হোৱা অনুষ্ঠিত হোৱা অনুষ্ঠানত "শ্ৰী ৰঘুপতি" ৰ পৰিচালক , গোলাঘাটৰ সন্তান তথা বৰ্তমান অসমৰ কনিষ্ঠতম চলচ্চিত্ৰ পৰিচালক ৰূপে পৰিগণিত হোৱা সুব্ৰত কাকতিয়ে প্ৰথমে নিজৰ এই অনুষ্ঠানত সম্বৰ্ধনা লবলৈ ইতস্তত কৰি আবেগিক হৈ উপস্থিতসকলক সম্বোধন কৰি কয়, "সৰুতে মা দেউতাৰ হাতত ধৰি গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ মঞ্চত উঠি মঞ্চত কাম কৰা আৰম্ভ কৰিছিলো । প্ৰবাল প্ৰিয়াংশু দুৱৰা খুড়াৰ লগত প্ৰথম নাটকৰ সহ পৰিচালনা কৰিছিলোঁ । এমেচাৰৰ সকলোৱে মোক সহায় কৰিছিল আৰু আৰ্শীবাদ দিছিল।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/04db6b3c-70de-462b-8475-f94de79dfec9/905ffcd7_76a3_45b5_9cde_f1b7dab63399.jpg)
চলচ্চিত্ৰ খনৰ অভিনেতা পৰাণ বৰঠাকুৰ, মানৱ জ্যোতি বৰা, আচিফ জাভেদ, মৃদুল কাকতি, বনশ্ৰী কাকতি, প্ৰডাকচন ডিজাইনাৰ অৰ্ণৱ হাজৰিকা, সহ পৰিচালক জ্যোতিস্মান চেতিয়া, কাষ্টিং পৰিচালক নিতু খনিকৰ আদি উপস্থিত আছিল । চচাইটিৰ প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰে আঁত ধৰা অনুষ্ঠানটোত গোলাঘাটৰ বিশিষ্ট নাগৰিক দ্বীপেন দত্ত, তিলেশ্বৰ তামুলী, জীতেন কাকতি আদি উপস্থিত আছিল ।
Also Read: লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...