ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ...

গোলাঘাটৰ সদৰত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়া আৰু অসম চাহ নিগমৰ অধীনস্থ শ্ৰমিক সকলক তেওঁলোকৰ প্ৰাপ্য বকিয়া ধন এটা কিস্তিত আদায় দিয়া আদিৰ দাবীত বুধবাৰে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাই গোলাঘাট জিলা সদৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ...

প্ৰতিবাদ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ সদৰত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলক মাটিৰ পট্টা দিয়া আৰু অসম চাহ নিগমৰ অধীনস্থ শ্ৰমিক সকলক তেওঁলোকৰ প্ৰাপ্য বকিয়া ধন এটা কিস্তিত আদায় দিয়া আদিৰ দাবীত বুধবাৰে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাই গোলাঘাট জিলা সদৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

প্ৰতিবাদ স্থলীত সংঘৰ সভাপতি অমিত নাগে আক্ষেপেৰে কয় যে নিৰ্বাচনৰ সময়ত শাসকীয় দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলে শ্ৰমিক সকলৰ দুখত দুখী হৈ নানান প্ৰতিশ্ৰতি দিয়ে। কিন্তু ক্ষমতালৈ অহাৰ পিছতেই তেওঁলোকে সেইবোৰ প্ৰতিশ্ৰুতি পাহৰি যায়।

চাহ শ্ৰমিকৰ প্ৰতিশ্ৰুতি প্ৰদানৰ দাবীত প্ৰতিবাদস্থলী উত্তাল কৰি তুলে প্ৰতিবাদকাৰীয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাৰ সভাপতি অমিত নাগ আৰু সম্পাদক মুকেশ জালে।

Also Read: কাজিৰঙাৰ গড় হত্যাকলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত উচ্চস্তৰীয় বৈঠক...

#teagarden