
ডিজিটেল সংবাদ, নুমলীগড় : চিৰসেউজ অসমীয়া গীতৰ সুৰত জীপাল নুমলীগড়। মৰঙি প্ৰেছ ক্লাব আৰু ত্ৰিবেণী সংগীত কলা একাডেমীৰ যৌথ উদ্যোগত নুমলীগড়ত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভণি হয়। নৱপ্ৰজন্মক বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক ধ্যান ধাৰণাৰে পুষ্ট কৰাৰ মানসেৰে নুমলীগড়ৰ তেলগৰম ৰংগমঞ্চত অগ্ৰণী শিক্ষানুষ্ঠান ত্ৰিবেণী সংগীত কলা একাডেমী তথা মৰঙি প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ দেওবাৰে শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷
কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি ফৰমূজ আলীৰ অধ্যক্ষতাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰিয়ংদ্বীপ কাকতিয়ে ৷ অনুষ্ঠানত উদ্বোধনী ভাষণ আগবঢ়ায় বিশিষ্ট লেখক তথা জেষ্ঠ নাগৰিক ইমৰাণ হুছেইনে ৷ আজিৰ অনুষ্ঠানত কৰ্মশালাৰ সমল ব্যক্তি ক্ৰমে সংগীত প্ৰশিক্ষক জীৱেন্দ্ৰ কুমাৰ দেৱশৰ্মা, অনাতাঁৰ শিল্পী দেৱজানী দেৱশৰ্মা, নাট্য প্ৰশিক্ষক তৰুণ তীৰ্থ শইকীয়া, মাধুৰ্য শইকীয়া আৰু লাকিমনি শইকীয়াই অংশগ্ৰহণ কৰে ৷
একেদৰে অনুষ্ঠানত লেখক, সাংবাদিক দীপক বৰা, মৰঙি জিলা পৰিষদৰ সদস্যা পূৰৱী শৰ্মা, নাট্যকাৰ নলীন হাজৰিকা, মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়া, শিল্পী বীৰেন দাস, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সদস্যা হৰপ্ৰভা ঠেঙাল, শিল্পী ত্ৰৈলোক্য দাস, লোহিত হাজৰিকা, অক্সৰা গ্ল’বেল গুৰুকুলৰ অধ্যক্ষ অমৃত শমাৰ্কে আদি কৰি বিশিষ্ট ব্যক্তি সকলেও অংশগ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে চলিত জুলাই মাহৰ গ্ৰীষ্ম বন্ধৰ সময়তে শিক্ষাৰ্থীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে আয়োজন কৰা এই কৰ্মশালাৰ আজিৰে পৰা দুদিন ধৰি ক্ৰমে অসমীয়া কালজয়ী আৰু আধুনিক গীতৰ প্ৰশিক্ষণ আগবঢ়াব জীৱেন্দ্ৰ কুমাৰ দেৱশৰ্মা আৰু অনাতাঁৰ শিল্পী দেৱজানী দেৱশমাৰ্ই ৷ আৰম্ভণিৰ দিনা শতাধিক কণ-কণ প্ৰশিক্ষাৰ্থী আৰু বহু নাগৰিকৰ উপস্থিতিত চিৰসেউজ অসমীয়া গীতৰ মনোমোহা সুৰে নুমলীগড়ৰ তেলগৰম ৰংগমনঞ্চ জীপাল কৰি তোলে৷
আনহাতে, ৪ জুলাইৰ পৰা দুদিন প্ৰাৰ্থনা, ৬ জুলাইৰ পৰা পুনৰ দুদিন অসমীয়া কালজয়ী গীতৰ প্ৰশিক্ষণ, ৮ জুলাইৰ পৰা দুদিন লোক সংগীতৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ১০জুলাইৰ পৰা ৩০ জুলাইলৈকে অংকীয়া ভাওনা আৰু নাট কৰ্মশালা অনুষ্ঠিত হ’ব৷
উল্লেখযোগ্য যে গীতৰ কৰ্মশালা পুৱা ৯ বজাৰ পৰা বিয়লি ১ বজালৈ আৰু অংকীয়া নাট আৰু সামাজিক নাটৰ কৰ্মশালা বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ৷ গ্ৰীষ্মবন্ধৰ সময়ছোৱাত প্ৰেছ ক্লাব আৰু ত্ৰিবেণী সংগীত কলা একাডেমীৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে।