
ডিজিটেল সংবাদ, গোলাঘাট: দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে শ্ৰেণী কোঠা এৰি অৱশেষত আন্দোলনত নামিল । প্ৰায় দুটা বছৰৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে জন্ম লগ্নৰে পৰা নানান সমস্যাৰে ভাৰাকান্ত্ৰ হৈ আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এইবোৰ সমাধানত অলপো গুৰুত্ব নিদিয়াত মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বাৰুকৈয়ে বিঘ্নিত হৈছে।
পানী, বিজুলীৰ নিয়মীয়া যোগান নথকাৰ উপৰিও শিক্ষানুস্থানখনত নাই প্ৰয়োজন অনুসাৰে পৰ্য্যাপ্ত শিক্ষক । অধ্যয়ন এৰি এতিয়া জীয়াই থাকাৰ যুজঁতহে নামিব লগীয়া হৈছে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। তথাপিও কোনো গুৰুত্ব নাই শিক্ষানুস্থানখনৰ কৰ্তৃপক্ষৰ।
কেইবা দিনো ধৰি বিদ্যুৎ যোগান বন্ধ হৈ থকাৰ ফলত উৎকট গৰমত ছাত্র-ছাত্ৰীসকলে ছটফটাব লগীয়া হোৱাৰ লগতে এটুপি খোৱা পানীৰ বাবেও কৰিব লগা হৈছে হাঁহাকাৰ। অন্যহাতে পৰিবেশৰ প্ৰতিকূলতাৰ বাবেই মহাবিদ্যালয়খনত কেইবাদিনো ধৰি হোৱা নাই পাঠদান। পেলনীয়া জাৱৰ জোথৰক লৈ গভীৰ সংকটৰ সন্মুখীন হৈছে হোষ্টেলৰ ছাত্র-ছাত্ৰী সকল। হোষ্টেলৰ চৌহদতেই জ্বলাব লগা হৈছে পেলনীয়া সামগ্ৰী। আনকি ডাষ্টবিন আৰু হৰিজনৰ ব্যৱস্থাও উপলব্ধ নহয় হোষ্টেলসমূহত।
অন্যহাতে মহাবিদ্যালয়খনৰ চৌহদৰ ভিতৰত হাবি-বন গজি ভয়ানক পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে চৌহদত বাঘ, শিয়াল, সাপ আদিৰো সঘন চলাচল ঘটিবলৈ লৈছে। এনেবোৰ সমস্যাৰ সমাধানৰ দাবীতে আজি ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ চৌহদত দুঘণ্টা ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰৰক আহ্বান জনায়।