/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/32ec3c4b-3b6b-4226-81bd-3f9a46dded77/32.jpg)
ডিজিটেল সংবাদ,উৰিয়ামঘাট : গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এখন প্ৰতিনিধি সভা বৃহস্পতিবাৰে বৰপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চত অনুষ্ঠিত হয় ৷ বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য-সদস্যাৰ লগতে বিভিন্ন শাখা,গোট,বিদ্যালয়- মহাবিদ্যালয়ৰ শাখা, গোটসমূহৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়।
সভাত সভাপতিত্ব কৰে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ভৈৰব বৰুৱাই ৷ সভাৰ আঁত ধৰে সধাৰণ সম্পাদক সম্পাদক অংকুৰজ্যোতি শইকীয়াই।
সভাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য শশধৰ গগৈয়ে ৷ সভাৰ আৰম্ভণিতে দেশ জাতি মাটিৰ বাৱে নিজৰ প্ৰাণ আহুতি দি ছহিদ বৰণ কৰা বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/751c4764-66ca-45f6-900f-21946aabfabc/2424e893_413c_4685_b304_25e4b7ae58cc.jpg)
ইয়াৰ পিছতে সভাত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজকৰ্মী লগতে সংবাদকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইয়াৰ পাছতে প্ৰতিনিধি সভাত সৰ্বসন্মতি ক্ৰমে অংকুৰজ্যোতি শইকীয়াক সভাপতি আৰু মৃন্ময় ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ১৫১ জনীয়া বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয় ৷
সভাই মিলন কৈৰি আৰু বিজিত কুৰ্মীক জিলা প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে ৷ অন্যহাতে বুধবাৰে টেঙানী আহটগুৰি মধ্য ইংৰাজী বিদ্যালয়ত টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাই পবিত্ৰ শইকীয়াক সভাপতি আৰু দীপাঙ্কৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন নতুন সমিতি গঠন কৰে ৷
সভাই মিণ্টু গগৈ,চিত্ৰৰঞ্জন শইকীয়াক জিলা প্ৰতিনিধি আৰু সীমান্ত বৰা,বিতোপন বৰা,সুমনদীপ্ত বৰা,ৰাহুল গগৈ,চম্পা গগৈ,আৰু এলি শইকীয়াক মহকুমা প্ৰতিনিধি হিচাপে মনোনীত কৰে ৷ সভাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰা আৰু সাধাৰণ সম্পাদক মিণ্টু গগৈ উপস্থিত থাকে ৷
Also Read: জখলাবন্ধাত গছৰ ডাল পৰি পথ বন্ধ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us