/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a404c3ef-3cc1-4b48-829f-9d9580897ec3/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰ সমষ্টিৰ চিলনীজান-উৰিয়ামঘাট সংযোগী পথচোৱাই বিগত কেইবা বছৰো ধৰি যাতায়াতকাৰীক জীয়াতু ভুগাই আহিছে। পথটোত দ দ পুখুৰী সদৃশ গাঁতৰ বাবে এম্বুলেন্সকে আদি কৰি জৰুৰীকালীন সেৱাত বাধাৰ সন্মুখীন হয় স্থানীয় ৰাইজ। ৰোগীক সময়ত হাস্পতাললৈ নিব নোৱাৰি মৃত্যুক আঁকোৱালি লোৱাৰো উদাহৰণ আছে।
কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱাৰ পথত সৰহ অংশই চাইকেল ঠেলি ঠেলি নিব লগীয়াত পৰে। পথটোৱে খোজকাঢ়ি গ'লে গাড়ী-ডাম্পাৰৰ চকাৰ পৰা বোকা পৰি ঘৰলৈ ঘূৰি আহিবলগীয়া হয় শিক্ষাৰ্থীসকল। সেয়েহে চৰকাৰ তথা স্থানীয় বিধায়কৰ দৃষ্টিগোচৰ কৰি তৎকালীনভাৱে বিপদসংকুল যাত্ৰাৰ পৰা মুক্তি দিবৰ বাবে মেৰামেতি কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাই।
Also Read: উছৱমুখৰ পৰিৱেশত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অমৃত কলহ যাত্ৰা...