সোণেশ্বৰ নৰহক মাজনিশা থানাৰ পৰা ফোন কৰি মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া....

সোণেশ্বৰ নৰহক মাজনিশা থানাৰ পৰা ফোন কৰি মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া....
সোণেশ্বৰ নৰহক মাজনিশা থানাৰ পৰা ফোন কৰি মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া....
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ জনগণৰ সমস্যা সমাধান কৰাৰ বিপৰীতে জীপাল কৃষক-শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহক মাজনিশা ফোন কৰি আৰক্ষীয়ে থানালৈ মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংগঠনটোৰ ভিতৰতচ’ৰাত৷ জীপালৰ সহকাৰী সম্পাদক জাহিৰুদ্দিন আহমেদ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে এক বিবৃতিযোগে জনোৱা অনুসৰি, যোৱা ২ নৱেম্বৰৰ মাজৰাতি প্ৰায় ১১-৪০ত আৰক্ষী বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহক ৩ নৱেম্বৰৰ দিনৰ ১১ বজাত কাজিৰঙাৰ কহঁৰা আৰক্ষী চকীলৈ যাবলৈ কয়৷

নৰহক গোলাঘাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে লগ পাব খোজা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু, জনতাৰ হৈ মাত মতা এগৰাকী ব্যক্তিক এইদৰে হিমন্ত বিশ্বৰ আৰক্ষী বাহিনীয়ে কৌশলগতভাৱে মাতি দমন কৰাৰ ষড়যন্ত্ৰ জীপাল কৃষক-শ্ৰমিক সংঘই কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে৷

জীপালে কয়, 'এনে ধৰণৰ প্ৰেকটিচ আমাৰ ক্ষেত্ৰত কাহানিও নাছিল।' কথা হ'ল, জীপালৰ প্ৰতিগৰাকী কৰ্মকৰ্তা একোগৰাকী একটিভিষ্ট হিচাপে সকলো কামৰ লিখিত স্মাৰক পত্ৰ মহকুমাধপতি, জিলা উপায়ুক্তলৈ অথবা তেওঁলোকৰ যোগেদি মুখ্যমন্ত্ৰীলৈ মুকলিকৈ প্ৰদান কৰি আহিছে। তদুপৰি, জীপালে সুস্থ আলোচনা, ৰাজহুৱা শুনানী বিচাৰি স্মাৰক পত্ৰত উল্লেখ কৰি, সেই অনুসৰি গণতান্ত্ৰিক সংগঠনৰ লগত অথবা নেতৃস্থানীয় ব্যক্তিৰ লগত কথা পতাৰ এক সুস্থ প্ৰশাসনিক নীতি আছে আৰু থাকিব লাগিব।

এই ক্ষেত্ৰত মহকুমাধপতি, জিলা উপায়ুক্ত, দণ্ডাধীশ আদিৰ জৰিয়তে আলোচনা দিয়াৰ পূৰ্ব নিয়ম আছে আৰু থাকিব লাগিব। জীপালৰ সৈতে প্ৰত্যক্ষ আলোচনা একমাত্ৰ অসামৰিক প্ৰশাসনিক বিষয়াইহে উদ্যোগ লোৱা উচিত বুলি উল্লেখ কৰি পেগুৱে কয়, পুলিচৰ লগতো প্ৰত্যক্ষ আলোচনা হ'ব পাৰে,কিন্তু, ই বিভাগীয় তদন্তৰ ক্ষেত্ৰত সহযোগিতা হ'ব পাৰে, কিন্তু ই চৰকাৰীভাবে লিখিত বা ঘোষিত হ'ব লাগিব৷

অন্যথা জীপালৰ কোনো সতীৰ্থৰ পৰা তেনে ৰাজহুৱা এজেণ্ডাবিহীন আলোচনা জাতীয় ব্যৱহাৰ আশা নকৰা ভাল। আনহাতে দি যোৱা ৰাতি নলবাৰীৰ অন্যতম প্ৰতিবাদী কন্ঠ জ্ঞানেন চক্ৰৱৰ্তীক শুৱাপাটিৰ পৰা কিয় হিমন্তৰ পুলিচ বাহিনীয়ে উঠাই নিলে সেয়া সচেতন সকলো ৰাইজে বুজি পাইছে বুলি উল্লেখ কৰি আৰক্ষী বাহিনীৰ এই কাণ্ডক জীপাল কৃষক-শ্ৰমিক সংঘই ধিক্কাৰ জনায়।

জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ প্ৰতি আৰক্ষীয়ে কৰা কৰ্ম সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি কয় যে, চৰকাৰী বাহিনীৰ যদি কিবা তথ্য প্ৰমাণ আছে তেন্তে, মুকলিকৈ ঘূৰি ফুৰা মানুহজনক গোচৰ সম্পৰ্কীয় জাননী কিয় দিয়া নহ'ল বুলিও ভৎৰ্সনা কৰে৷ জীপাল কৃষক-শ্ৰমিক সংঘই ক্ষোভ প্ৰকাশ কৰি কয় যে, সম্প্ৰতি অসমত কোনো গণ সংগঠনে ৰাজআলিত আন্দোলন কৰিব লগা হোৱা নাই জাতীয় নেৰেটিভ এটা প্ৰচাৰ কৰি হিমন্তবিশ্ব শৰ্মাই অসমখনত এতিয়া শান্তি বিৰাজমান বুলি দেখুৱাব বিচৰাৰ সময়ত আঙুলিৰ মূৰত গণিব পৰা সংগঠন অথবা নেতৃস্থানীয় লোকসমূহ স্পষ্ট।

গতিকে ইয়াৰ ভিতৰত আমাৰ জীপাল কৃষক শ্ৰমিক সংঘও আপোচহীনভাৱে ধাৰাবাহিক প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি আছে। গতিকে ইয়াৰ স্থিমিতকৰণৰ পুলিচি মেজাজ বা এজেণ্ডা বুজি নোপোৱা নহয়। জীপালৰ মুখপাত্ৰ পেগুৱে কয় যে, আমাৰ সংগঠনৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ নামত যদি চৰকাৰী গোচৰ আছে তাক ৰাজহুৱা কৰি স্বচ্ছতাৰ পৰিচয় দিয়ক চৰকাৰে৷

ইয়াৰ বিপৰীতে জীপালে কয় যে, কাজিৰঙাৰ থলুৱা নৃগোষ্ঠীয় লোকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা, কাজিৰঙাৰ ডি এফ অ', অগৰাতলিৰ ৰেঞ্জাৰক নিৰীহ লোকক অত্যাচাৰ কৰাৰ অপৰাধত নিদৰ্শনমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰা, পুলিচৰ অত্যাচাৰৰ বলি সহিব নোৱাৰি আত্মহনন কৰা দেৰগাঁও দলৌমুখৰ অজয় দত্তৰ পৰিয়ালক ন্যায় দিয়াৰ ব্যৱস্থা কৰা, বংকোৱাল বালি চাপৰিৰ বাসিন্দাক দিব লগা লেণ্ড চেটলমেন দিয়াৰ ব্যৱস্থা কৰা, বসুন্ধৰাৰ আবেদনৰ যোগেদি ভূমিৰ অধিকাৰ লাভ কৰা পৰিয়ালক শীঘ্ৰেই ভূমি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী তোলে৷ \

আনহাতে, বৃহৎ নদীবান্ধ আশীৰ্বাদ হ'ব বুলি কৰা চৰকাৰী ঘোষণাই আজি অভিশাপ হিচাপে দেখা দিয়াৰ বিষয়বোৰ গণতান্ত্ৰিকভাৱে তুলি ধৰাৰ বাবে যদি পুলিচৰ ৰোষত পৰিব লাগে তাত আমাৰ আপত্তি নাই বুলি জীপালে প্ৰেছ বিবৃতিযোগে স্পষ্টকৈ উল্লেখ কৰে৷

সোণেশ্বৰ নৰহক মাজনিশা থানাৰ পৰা ফোন কৰি মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া....
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ কেইবাজনো সুৰক্ষা কৰ্মী আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in