বোকাখাতৰ বিশিষ্ট কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান...

বোকাখাতৰ বিশিষ্ট কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
বোকাখাতৰ বিশিষ্ট কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান...

বোকাখাতৰ বিশিষ্ট কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান...

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ এগৰাকী নীৰৱ সাংস্কৃতিক কৰ্মী তথা বহু অসমীয়া চিৰসেউজ গীতৰ বলিষ্ঠ কণ্ঠশিল্পী বলো দাসৰ আজি পুৱা দেহাৱসান ঘটে।পুৱতি নিশা স্বাস্থ্যৰ অৱনতি ঘটাত নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়খনতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।

Advertisment

১৯৭১ চনত ভ্ৰাম্যমান থিয়েটাৰ 'নটৰাজ চিনে থিয়েটাৰ'ৰ নেপথ্য কণ্ঠশিল্পী আছিল প্ৰয়াত বলো দাস। লগতে তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণীতো কন্ঠ নিগৰাইছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে।

শিল্পীগৰাকীৰ মৃত্যুত তেখেতৰ বাসগৃহত অনুষ্ঠিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতীয় গণনাট্য সংঘ, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত জাতীয় বিদ্যালয় আৰু উপস্থিত গুণমুগ্ধসকলে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Also Read: দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনাঃ বাছ আৰু চেণ্ট্ৰৰ মুখামুখি সংঘৰ্ষ...

বোকাখাত