/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3ae4113b-5b7c-44a3-9069-a077982576d5/471.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট প্ৰেছ ক্লাবৰ পতাকাৰ তলত বিপুল সমাবেশত অভূতপূৰ্ব পৰিৱেশত দেওবাৰে একেখন মঞ্চত সমবেত হ'ল গোলাঘাট জিলাৰ প্ৰতিটো প্ৰান্তৰ সাংবাদিক ,লেখক, কবি আৰু সচেতন নাগৰিক । গোলঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান ,বিশেষ অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠান উপলক্ষে বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7bf24da8-d3f5-4a84-87cf-1ec1862f8526/7b72cb73-8bac-4a35-a384-2d23169a5087.jpg)
গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যালয়ত আয়োজিত প্ৰতিনিধি সভাত সকলো ধৰণৰ মতাদৰ্শৰ উৰ্দ্ধত অৱস্থান কৰি গোলাঘাট জিলাৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাত বোকাখাত, কাজিৰঙা, দেৰগাঁও, মেৰাপানী, সৰুপথাৰ, বৰপথাৰ , খুমটাই আদিৰ জ্যেষ্ঠ সাংবাদিকসকলে অংশগ্ৰহণ কৰি গোলাঘাট জিলা ভিত্তিত পৰিসৰ বৃদ্ধি কৰি সৰ্বসন্মতি ক্ৰমে গঠন কৰে গোলাঘাট প্ৰেছ ক্লাবৰ ১১১ জনীয়া বিশাল কাৰ্যনিৰ্বাহক সমিতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e417b7cc-4620-4651-887c-cef4e5b5db63/83947919-ccbf-48ad-98c4-0416878def1a.jpg)
আগন্তুক কাৰ্যকালৰ বিশিষ্ট লেখক , শিক্ষাবিদ দেৱজিৎ ফুকনক সভাপতি , জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাক কাৰ্যকৰী সভাপতি,সাংবাদিক প্ৰবীণ কুমাৰ দাসক সাধাৰণ সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় । একদৰে কেইবাগৰাকী ব্যক্তিক উপদেষ্টা হিচাপে লোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eebbc001-4ccb-4e69-bf1d-a3c055517803/e2b21f02-009c-4e45-939d-ab6686ce0760.jpg)
তেঁওলোক হৈছে বোকাখাতৰ প্ৰবীণ সাংবাদিক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, সৰুপথাৰৰ দ্বীপেন কুমাৰ বৰা, কাজিৰঙাৰ ৰঞ্জিত ৰজক, বৰপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক বেদান্ত ভাৰ্গৱ, অৱনি শৰ্মা,খুমটাইৰ বাবুল গগৈ, শিক্ষাবিদ গনেশ গোস্বামী, মেৰাপানীৰ জ্যেষ্ঠ সাংবাদিক নগেন বৰা, দুলাল দাস, বাবুল শইকীয়া, লেখক প্ৰিয়াংদ্বীপ কাকতি আদিক উপদেষ্টা হিচাপে লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/597e973c-3db6-43e1-9e2a-db2bfa5a8e8c/09d7f9e2-c7d6-45a9-88a7-e381e4d0a4e2.jpg)
ঋতুপল্লৱ শইকীয়া আৰু নিবেদিতা বৰা বৰুৱাক আইন উপদেষ্টা, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে দিগন্ত কুমাৰ বৰা, জয়দ্বীপ গুপ্তা, পংকজ হাজৰিকা, মোস্তাক হুছেইন, ধনশিৰি মহকুমাৰ সাংবাদিক সন্থাৰ সভাপতি মামুদ আলিক উপ-সভাপতি হিচাপে সমিতিত লোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b4580fd-2ac2-4307-80b0-a170a1060035/d70dcc4c-e6a2-4ea7-993e-226794e8d6cf.jpg)
সৌভিক বৰা, ভাস্কৰ বৰা, হিৰণ্য গগৈ, দেৱাশীষ গৌতমক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লয়। সাংবাদিক চন্দন কৰ্মকাৰ আৰু চুমি দত্তক কাৰ্যালয় সম্পাদক, সাংবাদিক চন্দন বৰা, অপূৰ্ব শৰ্মা, ধ্ৰুৱজ্যোতি বৰা, মৃদুস্মিতা শৰ্মা, অভিজিৎ দুৱৰা, পৱন কামান, চৌবিত বিষ্ট, হেমন্ত তামূলী, সুনীল বৰা, কুলেশ বৰা আৰু কমলাক্ষী দত্তক সাংগঠনিক সম্পাদক হিচাপে লোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f8e95b65-cd52-4613-aea0-595f83c4ae0e/bbf65c6e-9ad7-40f8-9db9-ecb5e684e375.jpg)
ইফালে সাংবাদিক স্কুল দত্ত, সাৰাংগ তামূলী, মৃদুস্মিত বৰুৱা, পংকজ দত্ত, মনোজ গগৈ, ভূপেন শইকীয়া, বিভাস শইকীয়া, উদিপ বৰাক প্ৰচাৰ সম্পাদক হিচাপে লোৱা লয়। সূজিত কানৈ আৰু বিজয় হাজৰিকাক বিত্ত সম্পাদক। একেদৰে ভাৰ্গৱ শইকীয়াক মুখ্য সমন্বয়ক, জয়ন্ত গগৈ, বিদ্বান বৰদলৈক সমন্বয়ক হিচাপে সমিতিত অন্তৰ্ভূক্ত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/05c2d614-b095-4b37-b10c-864ac6c71000/8df26db3-4c4d-4deb-8792-a26481d2fa6b.jpg)
স্বাগতা বৰা ,কুকি বৰাক সাংস্কৃতিক সম্পাদক, পল্লৱীকা বৰুৱা, প্ৰাঞ্জল হাজৰিকা, প্ৰিঞ্চিপ্ৰিয়া ফুকন আৰু কুমকুম চাংমাইক সাহিত্য সম্পাদক হিচাপে লোৱা হয়। দীপক বৰাক পত্ৰিকা সম্পাদক আদিৰ লগতে কাৰ্যনিৰ্বাহক সদস্য ,বিশেষ আমন্ত্ৰিত সদস্যকে ধৰি গোলাঘাট প্ৰেছ ক্লাবৰ ১১১ জনীয়া নতুন সমিতি গঠন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/125694e7-7f8c-4feb-a9a8-02ad01e3b549/e59928ca-57db-40df-a5c2-0dfda28edff7.jpg)
প্ৰতিনিধি সভা উদ্বোধন কৰে বিশিষ্ট লেখক,একালৰ প্ৰবীণ সাংবাদিক,ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গনেশ গোস্বামীয়ে । কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকনে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/69d34718-a871-484e-89e6-88cd58f235c7/23c48ce7-8a49-478b-8568-b9401d790809.jpg)
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক জয়দ্বীপ গুপ্তাই। স্মৃতি তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস আৰু সাংবাদিক চন্দন কৰ্মাকাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6c330e39-4ea5-491c-834c-ceecc9954083/34aac0da-2d6f-4fbd-a694-00b40260ee0c.jpg)
ৰূপালী জয়ন্তী বৰ্ষৰ শিখা প্ৰজ্বলন কৰে সাংবাদিক সৌভিক বৰাই । গোলাঘাট পৌৰ সভা কাৰ্যালয়ৰ সভাকক্ষত প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকনৰ পৌৰাহিত্যত গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হোৱা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান শুভ উদ্বোধন কৰে প্ৰবীণ সাংবাদিক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।
আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাই। বন্তি প্ৰজ্বলন কৰে গোলাঘাট পৌৰ সভাৰ পৌৰপতি দুলুমণি বৰবৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/94713aac-6ea8-47ff-a354-3f6bd6f1f1b7/bbf65c6e-9ad7-40f8-9db9-ecb5e684e375.jpg)
সভাত বিশিষ্ট সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতি, পৌৰ সভাৰ উপ-পৌৰপতি সীমান্ত বৰা, লেখক শিক্ষাবিদ গনেশ গোস্বামী, প্ৰবীণ সাংবাদিক নগেন বৰা ,বিশিষ্ট শিক্ষাবিদ,লেখক তিলেশ্বৰ তামূলী আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত বোকাখাতৰ প্ৰবীণ সাংবাদিক বুবুল দত্তক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2584266a-d022-4ba3-8959-6b9b169d7061/14c0a8f5-d71c-419c-8253-f456f19eb127.jpg)
গোলাঘাটৰ মোস্তাক হুছেইনক অনুসন্ধানমূলক সাংবাদিকতা বঁটা, জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইক সংগীত মাধুৰ্য বঁটাৰে সন্মানিত কৰা হয়। পূৰ্ণ ৰাজখোৱাক বিশিষ্ট সামাজিক কৰ্মী বঁটা, সঞ্জীৱ সন্দিকৈক বিশিষ্ট ক্ৰীড়া সংগঠক বঁটাৰে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e8c6ee86-7805-483f-99a8-bb28b60913e2/622764fb-b0fb-4753-895a-438616b603fe.jpg)
ইফালে সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক দ্বীপেন বৰা, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ বৰা, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজক, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক পংকজ হাজৰিকা, দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বিজয় হাজৰিকা,মেৰাপানীৰ জ্যেষ্ঠ সাংবাদিক হিৰণ্য গগৈ, খুমটাইৰ জ্যেষ্ঠ সাংবাদিক বাবুল গগৈক সক্ৰিয় সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9e3c5487-46b2-4bf0-b755-6e745fe27e5b/83947919-ccbf-48ad-98c4-0416878def1a.jpg)
উক্ত অনুষ্ঠানত জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু সাংবাদিক ৰঞ্জিত ৰজকে দ্বৈত কণ্ঠত গীত পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে ।
Also Read: বঢ়মপুৰত স্মাৰ্ট মিটাৰৰ নামত ক’লাবেহাৰ অভিযোগ : বিদ্যুতকৰ্মীসহ এজনক আটক