কাজিৰঙাৰ হালধীবাৰিত সমূহীয়া মৎস্য চিকাৰেৰে আৰক্ষীৰ সন্মুখতে ১৪৪ ধাৰা ভংগ

কাজিৰঙাৰ হালধীবাৰিত সমূহীয়া মৎস্য চিকাৰেৰে আৰক্ষীৰ সন্মুখতে ১৪৪ ধাৰা ভংগ
কাজিৰঙাৰ হালধীবাৰিত সমূহীয়া মৎস্য চিকাৰেৰে আৰক্ষীৰ সন্মুখতে ১৪৪ ধাৰা ভংগ

ডিজিটেল ডেস্কঃ কাজিৰঙাত স্থানীয় ৰাইজে ভংগ কৰিলে ১৪৪ ধাৰা। উৰুকাৰ প্ৰাক ক্ষণত কাজিৰঙাৰ হালধীবাৰিত শতাধিক লোকে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰি ভংগ কৰিলে ১৪৪ ধাৰা। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা বন-বিভাগ আৰু আৰক্ষীৰ সন্মুখতে ভংগ কৰি নামি পৰিল মৎস্য চিকাৰত।

উল্লেখ্য যে, উৰুকা উপলক্ষে মৎস্য চিকাৰত নিষেধাজ্ঞা আৰোপ কৰি জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাত উল্লেখ আছিল বিল, জলাশয়ৰ আশে-পাশে নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতকৈ অধিক লোকৰ একত্ৰিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ। ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ ৰক্ষা আৰু ব্ৰাঘ্য সংৰক্ষিত অঞ্চলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি প্ৰশাসনে স্পষ্ট কৰি দিছিল।

প্ৰশাসনে লগতে স্পষ্ট কৰি দিছিল যে, পৰম্পৰা ৰক্ষাৰ নামত কোনো লোকে মৎস্য চিকাৰ কৰিব নোৱাৰিব। নিৰ্ধাৰিত অঞ্চলত অকৰ্তৃত্বশীলভাৱে লোকক একত্ৰিত কৰা আৰু ভিতৰলৈ যোৱাটো কঠোৰভাৱে নিষিদ্ধ। নিৰ্ধাৰিত এলেকাত বিল আৰু জলভাগত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ।

নিৰ্ধাৰিত এলেকাত যিকোনো ব্যক্তিয়ে যিকোনো ধৰণৰ মাছ ধৰা সামগ্ৰী কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ। নিৰ্ধাৰিত অঞ্চলত যিকোনো ব্যক্তিয়ে যিকোনো অস্ত্ৰ (জুইৰ অস্ত্ৰ, মাৰাত্মক অস্ত্ৰ, ধনু আৰু কাঁড়কে ধৰি) কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ। কিন্তু উৰুকাৰ পূৰ্বে সমূহীয়া ভাৱে ৰাইজে মৎস্য চিকাৰ কৰি এই আইন ভংগ কৰিলে।

কাজিৰঙাৰ হালধীবাৰিত সমূহীয়া মৎস্য চিকাৰেৰে আৰক্ষীৰ সন্মুখতে ১৪৪ ধাৰা ভংগ
নগাঁৱৰ কন্দলিত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত চাৰি কিশোৰ-কিশোৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in