
ডিজিটেল সংবাদ,গোলাঘাট: বৃহস্পতিবাৰৰ পৰা গোলাঘাটত আৰম্ভ হ'ব ষষ্ঠদশ সত্ৰীয়া সংগীত সমাৰোহ । সংগীত নাটক অকাডেমীৰ সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ উদ্যোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত হ'বলগীয়া এই সমাৰোহ ২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰৰলৈকে চলিব ।
সংগীত সমাৰোহৰ লগত সংগতি ৰাখি সত্ৰীয়া কেন্দ্ৰ গুৱাহাটিয়ে ২২ আৰু ২৩ ছেপ্টেম্বৰত দুখনকৈ আলোচনচক্ৰৰো আয়োজন কৰিছে । ২১ ছেপ্টেম্বৰ সন্ধিয়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সংগীত নাটক অকাডেমিৰ সচিব ৰাজু দাস উপস্থিত থাকিব ।
উদ্বোধনী অনুষ্ঠানলৈ ,বীৰাঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: জ্যোতিপ্ৰসাদ শইকীয়া , গোলাঘাটৰ উপায়ুক্ত ডা; পি উদয় প্ৰবীনক নিয়ন্ত্ৰণ কৰিছে বুলি সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ তৰফৰ পৰা প্ৰকাশ কৰিছে । এই সমাৰোহৰ প্ৰথম দিনা সন্ধিয়াত ওজা গুণীন্দ্ৰ নাথে বৰগীত , সদা হাজৰিকা আৰু বিটুপ পাটৰে খোল আৰু মৃদংগ বাদন , অনিমা শইকীয়া আৰু বসন্ত শইকীয়াই বৰগীত, গিৰীণ কলিতাৰ খোল বাদন , অজিত বৰা আৰু তেওঁৰ দলৰ বৰগীত , ৰবীন্দ্ৰ নাথ দাস আৰু দলৰ থিয় নাম দ্বিতীয় সন্ধিয়া ২২ ছেপ্টেম্বৰত উপেন গায়নৰ বৰগীত , ধ্ৰুৱজ্যোতি পাঠকৰ খোল বাদন , বৰপেটাৰ সত্ৰীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলৰ বৰগীত , ভূপেন সিং টেৰাংৰ খোল বাদন , গিতিমনি বৰা আৰু খনিন পাটৰৰ বৰগীত , নিৰ্মল অধিকাৰীৰ বৰগীত , গোবিন্দ বৰা ওজা দলৰ সত্ৰীয়া ওজাপালি নৃত্য অন্তিম দিনা ২৩ ছেপ্তেম্বৰৰ সন্ধিয়া তৰালী শৰ্মাৰ বৰগীত , টংকেশ্বৰ হাজৰিকা বায়নৰ খোল বাদন, নিত্যানন্দ ডেকা আৰু ৰূপাঞ্জলী মহন্তৰ বৰগীত , চন্দ্ৰকান্ত দাস আৰু গুণকান্ত দাসৰ মৃদংগ বাদন , ৰিতুস্মৃতা পাঠকৰ বৰগীত , খনিৰুদ্দিন আহমেদ আৰু তেওঁৰ দলৰ বৰগীত আৰু তীৰ্থ নাথ দাস ওজা আৰু তেওঁৰ দলৰ ওজাপালি নৃত্য পৰিবেশন কৰিব ।
সমাৰোহৰ লগত সংগতি ৰাখি ২২ আৰু ২৩ ছেপ্টেম্বৰৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া আলোচনাচক্ৰৰ প্ৰথম দিনা সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব গুৱাহাটীৰ খনা দাস আৰু ছিপাঝাৰৰ ৰাম চন্দ্ৰ ডেকা আৰু দ্বিতীয় দিনা সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব বৰপেটাৰ বাবুল চন্দ্ৰ দাস আৰু শিৱসাগৰৰ অনুধৃতি মহন্তই ।এই সমাৰোহত গোলাঘাট বাসীৰ উপস্থিতি কামনা কৰিছে সত্ৰীয়া কেন্দ্ৰৰ , গুৱাহাটীৰ সঞ্চালক অৰূপ বৰদলৈয়ে ।