/asomiyapratidin/media/media_files/2025/07/23/1-2025-07-23-13-06-59.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ মঙলবাৰে নিশা বোকাখাতৰ কুৰুৱাবাহীত বিৰল প্ৰজাতিৰ এটা ছালাজাৰ পিট ভাইপাৰ সাপ উদ্ধাৰ হয়। কুৰুৱাবাহীৰে এজন যুৱক পাপুল শইকীয়াই উদ্ধাৰ কৰে এই সাপটো। ২০১৯ চনত অৰুণাচলত বিশেষজ্ঞসকলে প্ৰথমবাৰৰ বাবে এই সাপবিধক চিনাক্ত কৰিছিল।
২০২৪ চনৰ জুলাই মাহৰ ৮ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এনে এটা ছালাজাৰ পিট ভাইপাৰ সাপ প্ৰত্যক্ষ কৰা হৈছিল। এই সাপবিধ সেইজীয়া ৰঙৰ আৰু মূৰভাগৰ ৰঙ ৰঙা-কমলা হয়। ইয়াৰ বৈজ্ঞানিক নাম Trimeresurus salazar।
উল্লেখযোগ্য যে, এই সাপবিধৰ নামাকৰণ বিখ্যাত হেৰী পটাৰ চিৰিজৰ এটি চৰিত্র ছালাজাৰ শ্লিদাৰিনৰ নামেৰে কৰা হৈছে আৰু ই এবিধ বিষাক্ত সাপ। উদ্ধাৰ কৰা সাপটো ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক চমজাই দিয়া হৈছে।