/asomiyapratidin/media/media_files/2025/02/21/rrMtdpSL5tDpMj73DG82.jpg)
ডিজিটেল সংবাদ মেৰাপানীঃমেৰাপানীৰ চাউদাংপথাৰত আজি সন্ধ্যা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন ট্ৰেক্টৰ চালকৰ থিতাতে মৃত্যু ঘটে।
জানিব পৰা মতে, প্ৰাঞ্জল ফুকন নামৰ যুৱকজনে এখন ট্ৰেক্টৰেৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত এটা নিৰ্মীয়মান পথত অসুৰক্ষিতভাৱে খান্দি ৰখা এটা কালভাৰ্টৰ গাঁতত ট্ৰেক্টৰসহ সোমাই পৰে।
চালকৰূপী প্ৰাঞ্জল ফুকনক ট্ৰেক্টৰখনে হেঁচা মাৰি ধৰাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে। ঘটনাৰ পাছতে ট্ৰেক্টৰ চালকজনক স্থানীয়লোকে মেৰাপানীসমূহীয়া চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
উল্লেখ্য যে নিহত ট্ৰেক্টৰ চালক প্ৰাঞ্জলৰ ঘৰ ৩ নং পুস্পবন গাঁৱত বুলি জানিব পৰা গৈছে। মেৰাপানী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
ইফালে স্থানীয় লোকে অভিযোগ কৰা মতে, এম পি আগৰৱালা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাটোত যুৱকজনে প্ৰাণ হেৰুৱাব লগাত পৰে।