বাগৰিত পথ দুৰ্ঘটনাত বন কৰ্মী নিহত...

তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দাৰ ফলত এই দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
বাগৰিত পথ দুৰ্ঘটনাত বন কৰ্মী নিহত...

বাগৰিত পথ দুৰ্ঘটনাত বন কৰ্মী নিহত...

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাত আজি সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী বনকৰ্মী ৷ ঘটনাৰ বিৱৰণ অনুসৰি বন কৰ্মী বুবুল গগৈয়ে নিজৰ স্কুটিৰে কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়।

Advertisment

তেওঁ চলাই যোৱা স্কুটিখনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী মটৰ চাইকেলে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বুবুল গগৈক ততাতৈয়াকৈ চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয়। প্ৰয়াত বুবুল গগৈ বাগৰি বনাঞ্চলত হেড মাউট হিচাপে কৰ্মৰত আছিল।

Also Read: ভাৰত জন বিজ্ঞান যাত্ৰাৰ পাটাছাৰকুছিত ভ্রাম্যমাণ বিজ্ঞান মেলা সম্পন্ন...

কাজিৰঙা পথ দুৰ্ঘটনা