নিশা বোকাখাটত পথ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰ, আহত ৩...

নিশা বোকাখাটত পথ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰ, আহত ৩...
নিশা বোকাখাটত পথ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰ, আহত ৩...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা বোকাখাটৰ লতাবাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

লতাবাৰীৰ ইণ্ডিয়ান পেট্ৰ'ল পাম্পৰ সমীপত হোৱা এই পথ দুৰ্ঘটনাত এখন ট্ৰাক আৰু পিকআপ ভানৰ মুখামুখী সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় এটি কিশোৰ। দুৰ্ঘটনাত পতিত হোৱা পিকআপ ভানখনৰ নম্বৰ AS01 HC 9607।

ইফালে এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে আন ৩ জন লোক। নিহত কিশোৰটি উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ নিৰ্মল ৰাম কুমাৰ। আনহাতে গুৰুতৰ ভাৱে আহত ৩ জনৰ ভিতৰত ২ জনক উন্নত চিকিৎ‍সাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে।

নিশা বোকাখাটত পথ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰ, আহত ৩...
কৃষ্ণাই বন কাৰ্যালয়ত পুনৰ অঘটন: এইবাৰ শাল গছৰ ডাল পৰি বনকৰ্মীৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in