/asomiyapratidin/media/media_files/2025/01/27/Ihw5PimDyp2jMbLe54CY.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত ৰয়িং আৰু মায়'ডিয়াৰ মাজ অংশত পথ দুৰ্ঘটনাত পতিত হৈ নুমলীগড়ৰ একে পৰিয়ালৰ ৪ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে শিশুসহ দুজন গুৰুতৰভাৱে আহত হোৱা মৰ্মান্তিক ঘটনাই সমগ্ৰ গোলাঘাট জিলা শোকস্তব্ধ কৰি তুলিছে। এই কৰুণ ঘটনাই গোলাঘাটত তীব্ৰ শোকৰ বন্যা বোৱাইছে।
জানিব পৰামতে, যোৱা ২৫ জানুৱাৰী, শনিবাৰৰ নিশা নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অধীনস্থ ৰজাবাৰি-ঔগুৰি চাপৰি গাঁৱৰ নিবাসী সূৰজ ছেত্ৰীসহ তেওঁৰ পত্নী মিনা ছেত্ৰী, কন্যা শিশু ৰশ্মী ছেত্ৰী, ভাই আৰু বোৱাৰী ক্ৰমে ৰঞ্জিত ছেত্ৰী আৰু হৰিমায়া ছেত্ৰী, মাহীয়েকৰ পুত্ৰ বোকাখাতৰ অজয় ছেত্ৰীকে ধৰি পৰিয়ালটোৰ মুঠ ৬ জন লোকে নিজা স্ক'ৰপিঅ' বাহনেৰে ফুৰিবলৈ বুলি অৰুণাচল প্ৰদেশৰ মায়'ডিয়ালৈ গৈছিল।
কালি দিনৰ ভাগত মায়ডিয়াত উপস্থিত হৈ ভ্ৰমণ কৰাৰ পিচত আবেলিৰ সময়ত দলটোৱে ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু, দুৰ্ভাগ্যক্ৰমে ৰয়িং পোৱাৰ আগতেই তেওঁলোকৰ বাহনখন পাহাৰীয়া পথৰ পৰা বাগৰি ৫০০ ফুট দ খাৱৈত পৰেগৈ।
আবেলি প্ৰায় ৫ বজাত সংঘটিত এই দুৰ্ঘটনাৰ খবৰ অৰুণাচল প্ৰদেশৰ স্থানীয় প্ৰশাসনে লাভ কৰাৰ পিচতে উদ্ধাৰ অভিযানত নামি পৰে। তেওঁলোকে হৰিমায়া ছেত্ৰী(২৮), ৰশ্মী ছেত্ৰী(৯) আৰু গাড়ীৰ চালক অজয় ছেত্ৰী(৩০)ক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাসালয়লৈ প্ৰেৰণ কৰে যদিও অজয় ছেত্ৰীয়ে পথতে শেষ নিঃশ্বাস ত্যাগ কৰে।
আনহাতে, কালি এন্ধাৰ নামি অহাৰ বাবে আৰক্ষী প্ৰশাসনে উদ্ধাৰ কাৰ্য সামৰিবলগীয়া হয়। আজি দিনজোৰা উদ্ধাৰ অভিযানৰ অন্ততঃ শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ক্ৰমে সূৰজ ছেত্ৰী(৪০), মিনা ছেত্ৰী(৩২) আৰু ৰঞ্জিত ছেত্ৰী(৩৬)ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ মৃতদেহৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
ইপিনে, আজি নুমলীগড়ৰ ৰজাবাৰি-ঔগুৰি চাপৰিৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । আজি সন্ধিয়া গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ সূৰজৰ বিধৱা মাতৃক সাক্ষাৎ কৰি গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ অনাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে। আজি এই মৰ্মান্তিক ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে।