/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ আজি বোকাখাতৰ ৰজাবাৰী পল' ক্লাবৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
নিহত লোকজন নগাঁও চামগুৰিৰ ছফিকুল ইছলাম আৰু আহত গৰাকী মৰ্জিনা বেগম বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি AS 02 AK 0590 নম্বৰ স্কুটীৰে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি আছিল মৃত ছফিকুল ইছলাম আৰু আহত মৰ্জিনা বেগম।
জানিব পৰা মতে একে দিশৰে পৰা আহি থকা এখন মেজিকত ঘহনি খাই স্কুটিখন। তাৰ পাছতেই তেওঁলোক পৰি যোৱাত বিপৰীত দিশৰে আহি থকা AS 05 AC 5767 নম্বৰৰ মালবাহী এখন বলেৰ' মেক্স পিকাপভানে মহতিয়াই নিয়ে স্কুটি আৰোহী দুগৰাকীক।
লগে লগেই ঘটনাস্থলিতেই ছফিকুল ইছলামৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত হয় মৰ্জিনা বেগম নামৰ মহিলাগৰাকী। বোকাখাত আৰক্ষীয ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' পিকআপ ভানখন জব্দ কৰিছে ৷
বৰ্তমান বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত মৰ্জিনা বেগম।