কাজিৰঙাত পুনৰ গঁড় হত্যাঃ আঁৰত কোন? চাওঁক এই খবৰ...

কাজিৰঙাত পুনৰ গঁড় হত্যাঃ আঁৰত কোন? চাওঁক এই খবৰ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত মাছমৰীয়াৰ বেশত চোৰাং চিকাৰী...

কাজিৰঙাত পুনৰ গঁড় হত্যাঃ আঁৰত কোন? চাওঁক এই খবৰ...

ডিজিটেল সংবাদ কাজিৰঙাঃ মাছমৰীয়াৰ বেশত অহা চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিলে কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সংঘটিত গঁড় হত্যাৰ ঘটনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰত মাছমৰীয়া জড়িত থকাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ ৷

Advertisment

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল কাঠপাৰা এলেকাত দেউবাৰে উদ্ধাৰ হয় এটা গঁড়ৰ মৃত দেহ ৷ উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে পাঁচদিনৰ পূৰ্বে চোৰাং চিকাৰীয়ে নিধন কৰি কাটি নিয়ে গঁড়টোৰ খৰ্গ ৷

দেওবাৰে সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত কৰ্তব্যৰত বনকৰ্মীয়ে এখন বিলত শগুন পৰি থকা দেখাপাই চোৱাচিতা কৰাৰ পাছত প্ৰত্যক্ষ কৰে গঁড়ৰ মৃতদেহটো ৷ খৰ্গটো কাটি নিয়াৰ স্পষ্ট চিন আৰু ৩০৩ ৰাইফলৰ এটা কাৰ্টিজ উদ্ধাৰ হোৱা পাছত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ কথা নিশ্চত হয় উদ্যান কৰ্তৃপক্ষ ৷

এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰত মাছ মৰাৰ চলেৰে অহা চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ সন্দেহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বাগৰি বনাঞ্চলৰ নাতিদূৰৈত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বনশিবিৰ এলেকাত ২০২২ চনৰ ডিচেম্বৰ মাহত চোৰাং চিকাৰীয়ে নিধন কৰিছিল এটা গঁড় ৷

আনহাতে গঁড় নিধনৰ ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷ সকলোৱে ইয়াক বন আৰু আৰক্ষী বিভাগৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে ৷ যুৱছাত্ৰ পৰিষদৰ অভিযোগ মতে ব্ৰহ্মপুত্ৰত মাছ মৰাৰ বাবে চৰকাৰে দিয়া অনুমতিৰ পূৰ্ণ সুযোগ লোৱাৰ সম্ভাৱনা চোৰাং চিকাৰীৰ ৷

এইক্ষেত্ৰত পূৰ্বৰ দৰে বন কৰ্মী জড়িত থকাৰ সন্দেহ উত্থাপন কৰি উচিত তদন্তৰ দাবী যুৱছাত্ৰৰ ৷ লগতে গঁড় হত্যাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী যুৱছাত্ৰৰ ৷

Also Read: ঢকুৱাখনাত অগপৰ ধেমাজি জিলা আৰু বিধান পৰিষদৰ প্ৰতিনিধি সভা...

কাজিৰঙা গঁড়