হালধিবাৰীত দুষ্প্ৰাপ্য পিপলী চেং মাছ উদ্ধাৰ

হালধিবাৰীত দুষ্প্ৰাপ্য পিপলী চেং মাছ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
হালধিবাৰীত দুষ্প্ৰাপ্য পিপলী চেং মাছ উদ্ধাৰ

ডিজিটেল সংবাদ, কাজিৰঙা : শুকুৰবাৰে নিশা কাজিৰঙাৰ হালধীবাৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে অভিযান চলায়। এই অভিযানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ জালত পৰে দুষ্প্ৰাপ্য পিপলী চেং মাছ সৰবৰাহকাৰী।

Advertisment

এই অভিযানত AS 02 J 4968 নম্বৰৰ ইয়ন বাহনৰ পৰা চাৰিটাকৈ পিপলী চেং মাছ জীৱিত অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে। দুষ্প্ৰাপ্য পিপলী চেং মাছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰে কলিয়াবৰৰ কুঠৰীৰ টাইবুৰ ৰহমান (৩২) নামৰ যুৱকজনক।

উল্লেখযোগ্য যে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। উল্লেখ্যে যে "Schedule 2 " তালিকাভুুক্ত পিপলী চেং মাছ অতি দুষ্প্ৰাপ্য।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত সক্ৰিয় এটা চক্ৰই সততে পিপলী চেঙৰ লৈ এক ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাটাও এনে ঘটনা পোহৰলৈ আহিছে বন বিভাগৰ অভিযানত।

Also Read: ৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যাঃ বিজেপিৰ সংবাদ মেল

assam forest department Kaziranga National Park & Tiger Reserve fish Haldibari