Advertisment

ৰাজ্য়ত পুনৰ ধৰ্ষণকাৰীৰ হাতত প্ৰাণ হেৰুৱালে কিশোৰীয়ে

ৰাজ্য়ত পুনৰ ধৰ্ষণকাৰীৰ হাতত প্ৰাণ হেৰুৱালে কিশোৰীয়ে

author-image
Asomiya Pratidin
New Update
ৰাজ্য়ত পুনৰ ধৰ্ষণকাৰীৰ হাতত প্ৰাণ হেৰুৱালে কিশোৰীয়ে

ডিজিটেল ডেস্কঃ বোকোখাতৰ যুগলআটিত সংঘটিত হৈছে এক নৃশংস কাণ্ড। এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হয়। হত্যাৰ পিছত মৃতদেহ লুকুৱাই থৈছিল ধৰ্ষণকাৰী খগেন মুণ্ডা ওৰফে প্ৰিতমে। উল্লেখ্য যে, যোৱা বৃহস্পতি বাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰী গৰাকী। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল।

Advertisment

ইয়াৰ পিছতেই আৰক্ষীৰ তদন্তৰ অন্তত আটক কৰা হয় হত্যাকাৰী খগেন মুণ্ডাক। ইতিমধ্যে আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰিছে হত্যাকাৰীয়ে। হত্যাকাৰীৰ চিকাৰোক্তিৰ ভিত্তিতেই বোকাখাতৰ কুৰুৱাবাৰী চকলা অঞ্চলৰ এটি দুৰ্গম অঞ্চলৰ পৰা কিশোৰা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Also Read: অসমত 'দাসৱানী কোচিং প্ৰতিষ্ঠান'ৰ প্ৰথমটো শাখা মুকলি

Assam police