এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাত দৌৰ প্ৰতিযোগিতা

এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাত দৌৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে কাজিৰঙাত দৌৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কাজিৰঙা : অসমৰ গৌৰৱ এটা খৰ্গযুক্ত গঁড় সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই ক্ষেত্ৰত কাজিৰঙাৰ সফলতাৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ উৰ্দ্দেশ্যেৰে দেওবাৰে কাজিৰঙাত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হয় Anvayins Run for the Rhino - Ultra Run at Kaziranga। ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দৌৰ প্ৰতিযোগিতা অসমৰ প্ৰথম তথা একমাত্ৰ আল্ট্ৰা ৰাণ।

Advertisment

৩টা ভাগত অনুষ্ঠিত ৰানত দেশৰ ১৯ খন ৰাজ্যৰ লগতে জাপান আৰু বাংলাদেশৰ প্ৰতিযোগীকে ধৰি মুঠ ৯৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত আন ভাগসমূহত ২৬ কিলোমিটাৰ ,১০কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লোৱা হয় ।

Also Read: বিশিষ্ট শিল্পী অৰুণ দাস আৰু নাই

kaziranga one-horned rhinoceros rhino