/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/00409ca4-34f1-4bc5-a76f-da83bdcadc75/abrpl_30.jpg)
প্ৰসংগঃ মটৰচাইকেল চুৰিঃ বৃহৎ প্ৰতিবাদী দ্বাৰ সভা সম্পন্ন, কেইবাটাও দাবী শ্ৰমিকৰ
ডিজিটেল সংবাদ নুমলীগড় : নুমলীগড় শোধনাগাৰৰ অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড(এ বি আৰ পি এল)ৰ প্ৰকল্প নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ মটৰচাইকেল চুৰি হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি মুখ্যদ্বাৰত শ্ৰমিক ইউনিয়নৰ উদ্যোগত বৃহৎ প্ৰতিবাদী দ্বাৰসভা অনুষ্ঠিত হয়৷ অসম বায়’ ৰিফাইনেৰী ঠিকা শ্ৰমিক ইউনিয়নৰ আহ্বান মৰ্মে ওলাই অহা শ শ শ্ৰমিক ৰাইজে নিজৰ বাহনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ জোৰদাৰ দাবী উত্থাপন কৰে৷
উল্লেখ্য যে, চলিত জানুৱাৰী মাহৰ ২৪ তাৰিখে এখন মটৰচাইকেল এ বি আৰ পি এল চৌহদৰ পৰাই চুৰি হয়৷ ইয়াৰ পিচত ভুক্তভোগী শ্ৰমিকৰ অনুৰোধত এ বি আৰ পি এল কতৃৰ্পক্ষই চি চি টিভিৰ ফুটেজ দেখুৱায় যদিও প্ৰকৃত চোৰৰ পৰিচয় লাভ কৰিব পৰা নগ’ল৷
কিয়নো, এ বি আৰ পি এলত সংযোজিত চি চি টিভিৰ অধিকসংখ্যকেই অচল৷ যিকেইটা চলি আছে সেইকেইটাৰো ছবি অস্পষ্ট৷ সেয়েহে, আজি এ বি আৰ পি এলৰ শ্ৰমিক ইউনিয়নে শ্ৰমিক ৰাইজক একত্ৰিত কৰি সুৰক্ষা ব্যৱস্থা কট্কটীয়া কৰি তোলাৰ দাবী জনায়৷
শ্ৰমিক ইউনিয়নৰ সম্পাদক অনিৰুদ্ধ কৰ্মকাৰে কয় যে, বাহিৰত নিজৰ বাহনখন থৈ ভিতৰত কাম কৰি থকা শ্ৰমিক এজনৰ আধা মনটো বাহিৰত থকা নিজৰ বাহনখনতে থাকে৷ ইয়াৰ ফলত কামো শান্তিৰে কৰিব নোৱাৰা হৈছে৷
কৰ্মস্থলীৰ পৰা ওলাই আহি নিজৰ মটৰচাইকেলখন পাবনে নাই, সেই শংকাতে দিন পাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে বুলিও তেওঁ দোহাৰে৷ তদুপৰি, আজি দ্বাৰসভাস্থলীৰ পৰাই অতিশীঘ্ৰেই বাহন ৰখা স্থায়ী আস্থানৰ ব্যৱস্থা কৰা, উন্নত চি চি টিভি সংযোজন কৰা আৰু বাহনৰ সুৰক্ষাৰ বাবে অতিৰিক্ত সুৰক্ষাকৰ্মী মোটায়ন কৰাৰ দাবী জনাই সভাপতি ধ্ৰুৱজ্যোতি বৰা আৰু সম্পাদক অনিৰুদ্ধ কৰ্মকাৰে।
এই দাবী সম্বলিত এখন স্বাক্ষৰিত স্মাৰকপত্ৰ বায়’ ৰিফাইনেৰীৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা হয়৷ অতি শীঘ্ৰে দাবীসমূহ পূৰণ নহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্বই৷
Also Read: মহিলাৰ অভিলাষী প্ৰশিক্ষণ শিবিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ...