প্ৰাপ্য মজুৰি বিচাৰি নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰৰ সন্মুখত প্ৰতিবাদ...

এন আৰ এল কৰ্তৃপক্ষই বকেয়া ধন আদায় নিদিয়াৰ গুৰুত্বৰ এক অভিযোগ উত্থাপিত হৈছে ।

author-image
Asomiya Pratidin
New Update
প্ৰাপ্য মজুৰি বিচাৰি নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰৰ সন্মুখত প্ৰতিবাদ...

ডিজিটেল সংবাদ, নুমলীগড়ঃ এন আৰ এল কৰ্তৃপক্ষই বকেয়া ধন আদায় নিদিয়াৰ গুৰুত্বৰ এক অভিযোগ উত্থাপিত হৈছে । তিনিমাহ দিন মূৰৰ ঘাম মাটিত পেলাই কাম কৰা শ্ৰমিকে প্ৰাপ্য মজুৰি নোপাৱাৰ বাবে নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰৰ পথত আকাশলৈ নমস্কাৰ জনাই শুই কৰিছে প্ৰতিবাদ ।

Advertisment

আন এজন কৰ্মচাৰীয়ে ফলক লৈ কৰিছে প্ৰতিবাদ । ফলক খনত কৰ্মচাৰীজনে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে । প্ৰাপ্য ধন বিছাৰি প্ৰধানমন্ত্ৰী মোডীলৈ কাতৰ অনুৰোধ কৰিছে বাংলাবাসী লোকজনে ।

২০২৩ৰ শ্বাট ডাউনত কৰ্মৰত শ্ৰমিকক বৰ্তমানলৈকে ঠিকাদাৰী প্ৰতিষ্ঠানে দিয়া নাই প্ৰাপ্য মজুৰি। ডেৰমাহে শ্বাট ডাউনত কৰ্মৰত হৈ তিনিমাহৰ পিচতো নিজৰ প্ৰাপ্য মজুৰি আদায় নোপোৱাত এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ।

তদুপৰি, সোমবাৰে এন আৰ এলৰ মুখ্যদ্বাৰৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিও সৃষ্টি হোৱা দেখা যায়। এই ব্যতিক্ৰমী প্ৰতিবাদৰ পিছতো কৰ্মচাৰীৰ প্ৰাপ্য ধন আদায়ৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে এনআৰএল কতৃপক্ষই সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।

Also Read: অৱশেষত দুৰ্নীতিগ্ৰস্ত পূব ঢকুৱাখনা সমবায় সমিতিৰ অনুজ্ঞাপত্ৰ নিলম্বন

protest