৮ জন প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত বোকাখাতত ৰাইজৰ বিশাল সমদল...

৮ জন প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত বোকাখাতত ৰাইজৰ বিশাল সমদল...

author-image
Asomiya Pratidin
New Update
৮ জন প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত বোকাখাতত ৰাইজৰ বিশাল সমদল...

৮ জন প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত বোকাখাতত ৰাইজৰ বিশাল সমদল...

ডিজিটেল সংবাদ বোকাখাতঃ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে যোৱাৰ বাবেই ৮ জনকৈ লোকক কাৰাগাৰত বন্দী কৰি ৰখাৰ কৌশল ৰচনা কৰা মন্ত্ৰী বৰাৰ বিৰুদ্ধে পুনৰ ৰাইজৰ প্ৰতিবাদ। বোকাখাতৰ দুসুঁতীমুখত ৰাইজে আজি ৮ জনকৈ ব্যক্তিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বিশাল সমদল বাহিৰ কৰে।

উল্লেখ্য যে, দুসুঁতীমুখৰ মূল প্ৰৱেশপথ ৰঙাগড়া দলঙৰ সমীপত লাইখুঁটাৰ আধাৰশিলা প্ৰতিষ্ঠাৰে আজি অঞ্চলটোত মন্ত্ৰী অতুল বৰাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ সংকল্প ল'লে প্ৰতিবাদী ৰাইজে। পথ নিৰ্মানৰ দাবী কৰা দুসুঁতীমুখৰ ৮ জন প্ৰতিবাদকাৰীৰ গোচৰ প্ৰত্যাহাৰৰ বাবে ৰাইজে বান্ধি দিয়া ২৪ ঘন্টা পাৰ হৈ যোৱাৰ বাবে প্ৰতিবাদী ৰাইজে এই কাৰ্যসূচী গ্ৰহণ কৰে।

স্মৰ্তব্য যে, বিগত সপ্তাহত দুসুঁতীমুখত কৃষি মন্ত্ৰী অতুল বৰাই এটা গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ সময়তে ইতিপূৰ্বে আধাৰশিলা স্থাপন কৰা আন এটি মূল পথ নিৰ্মাণৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল স্থানীয় ৰাইজে। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে, সেই স্থান এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল অতুল বৰা।

ইয়াৰ পাছতে ৮ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দেৰগাঁৱ আৰক্ষী থানাত গোচৰ তৰিছিল মন্ত্ৰী অতুল বৰাই। লগতে প্ৰতিবাদকাৰীক ফোন যোগে প্ৰাণনাশৰো ভাবুকি দিছিল মন্ত্ৰী অতুল বৰাৰ স্তাবক বাহিনীয়ে। কেৱল সেয়াই নহয়,ৰাইজৰ পক্ষত বাতৰি কৰাৰ বাবেই সাংবাদিককো সামাজিক মাধ্যমযোগে ভাবুকি দিছিল অগপ কৰ্মীয়ে।

Also Read: মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহতঃ ৫০ টাৰো অধিক বাসগৃহ লণ্ডভণ্ড...

অতুল বৰা