/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8a59cc90-d129-4f7f-a3b6-d05156d1228e/488.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : NBCE ডাইমণ্ড চেণ্টাৰ স্মাৰ্ট লাৰ্নিং দেৰগাঁৱত বিগত বছৰসমূহৰ দৰে অনুষ্ঠিত হয় আইৰ স্মৃতি অনুষ্ঠান । দেৰগাঁও স্মাৰ্ট লাৰ্নিংৰ মুখ্য প্ৰশিক্ষক নেত্ৰজ্যোতি গগৈ হাজৰিকা প্ৰয়াত মাতৃ ৰেখা গগৈৰ স্মৃতিত অনুষ্ঠিত উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট প্ৰবীন সাংবাদিক তথা লেখিকা অণীমা দেৱী ,বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী ৰাজীৱ উপাধ্যায়,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ,সংবাদসেৱী প্ৰাঞ্জল বৰা আদি।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ লগতে বছৰটোৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰী,কলা সুলভ ছাত্ৰ-ছাত্ৰী, প্ৰচাৰক ছাত্ৰ-ছাত্ৰী,ছয়মহীয়া আৰু বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু এনাজৰী অনুষ্ঠানত MR. Freshers, Miss Freshers খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা বেদান্ত বৰা আৰু ভাৰ্গৱী বৰা প্ৰমুখে সকলোকে মানপত্ৰ আৰু পুৰস্কাৰেৰে বঁটা প্ৰদান কৰা হয় ৷
সকলো ছাত্ৰ-ছাত্ৰীকে একোখনকৈ কেলেণ্ডাৰ উপহাৰেৰে ইংৰাজী নৱবৰ্ষৰ সম্ভাষণ জনোৱা স্বত্বাধিকাৰী নেত্ৰজ্যোতি গগৈ হাজৰিকাই জানিবলৈ দিয়ে যে, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তিনিমহীয়া পাঠ্যক্ৰমৰ বিনামূলীয়া সেৱাৰ লগতে আৰ্থিকভাৱে দুৰ্বল বা কীৰ্তি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ৰেহাইমূল্যৰ ব্যৱস্থা আছে স্মাৰ্ট লাৰ্নিং কেন্দ্ৰত ৷ য’ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰশিক্ষণ প্ৰাপ্ত হৈ অসম চৰকাৰৰ ভিন্ন পদৰ লগতে অন্যান্য ক্ষেত্ৰটো নিজৰ সংস্থাপনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে ৷
Also Read: কৃষি বিনে নাই গতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us