ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি, অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা...

ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি, অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি, অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা শাখা কবি সন্মিলনৰ উদ্যোগত কাজিৰঙা বচাগাঁও নাট্যমন্দিৰত ১৯ আৰু ২০ জুনত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা,কাজিফুল যুৱ সংঘ,কথা-আৰণ্যক, কাজিৰঙা অধ্যয়ন চক্ৰ আৰু কাজিৰঙাবাসীৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদ্যাপনৰ প্ৰস্তুতি ৷ ১৯ জুনত বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি, গীত আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷

Advertisment

২০ জুনৰ বিশেষ আকৰ্ষণ স্বৰূপে বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা ব্যক্তিৰ সৈতে মত-বিনিময়, সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, কলাগুৰু সোঁৱৰণ শীৰ্ষক অনুষ্ঠানত কমৰেড বিষ্ণু ৰাভাৰ জীৱন ভিত্তিক আলেখ্য পৰিৱেশন, প্ৰতিস্থিত শিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন আৰু গীতৰ শৰাই ৷ অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ৷ তদুপৰি অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া তৰ্ক প্ৰতিযোগিতাৰ বাবে ৮৬৩৮৬১৭২৮৪, ৮৬৩৮৯৭৩৮৫২, ৯১০১৮৬০৬৪৬, ৭০০২২৬৮২০১, ৯৯৫৪৩৫৬৩৪৬ নম্বৰত যোগাযোগৰ আহ্বান জনাইছে ৷

Also Read: জোনমণি-জোনালী, সুমিত-বিপুল ইত্যাদি: শাসকৰ শক্তিৰে চলে নেকি প্ৰশাসন...

rabha dibash