মেৰাপানীত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ লাইখুঁটা স্থাপন

মেৰাপানীত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, মেৰাপানীঃ দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত তথা বিভিন্ন দল সংগঠনৰ সহযোগত অহা ৭ অক্টোবৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ।

বৃহত্তৰ দৈয়াং অঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্ত্ৰমেলাৰ উপলক্ষে বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা আৰু সম্পাদক বন্তি বৰাই।

মেৰাপানীত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাৰ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক ড°জ্যোতি প্ৰসাদ শইকীয়া, বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়া, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি ভালেসংখ্যক সাহিত্যিক, বুদ্ধিজীৱি উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে।

মেৰাপানীত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ লাইখুঁটা স্থাপন
'ড'নাল্ড ট্ৰাম্পৰ মৃত্যু হ'ল': পুত্ৰই কৰিলে টুইট

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in