/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cb0cd439-2e12-4007-86ca-d3f72451231e/gos_puli.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : কমাৰবন্ধাৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্ণচূড়াৰ উল্লেখনীয় পদক্ষেপ। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ স্বাৰ্থত দেওবাৰৰ পৰা কমাৰবন্ধাৰ অঞ্চলৰ বিভিন্ন পথত প্ৰতি সপ্তাহত ১০০ গছ পুলি ৰোপণ কৰাৰ এক কাৰ্যসূচী হাতত লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6fb57d79-3666-4821-ac66-d55a2d28d02d/6f148bff_cce8_402b_a9b0_177e0fbc4cf3.jpg)
জানিবলৈ দিয়া অনুসৰি, এই উপলক্ষে দেওবাৰে অঞ্চলটোৰ হাজৰিকা নামঘৰ পথ, থানা তিনিআলিৰ পথত কৃষ্ণচূড়াৰ কৰ্মীবৃন্দই সমূহীয়া প্ৰচেষ্টাত কৃষ্ণচূড়া, ৰাধাচূড়া আৰু বিভিন্ন ফলমূলৰ গছ পুলি ৰোপণ কৰে। শুভাৰম্ভণি অনুষ্ঠানত গাঁওপ্ৰধান পল্লৱ হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাজীৱ দাস, ৰানা বৰা, ঋতু ৰাজ গগৈ আদিৰ ভালে সংখ্যক উদ্যোগী যুৱক উপস্থিত থাকে।
Also Read: ঘৰৰ মাটিত পৰাস্ত বাংলাদেশ : হৰমনপ্ৰীত কৌৰৰ বিস্ফোৰক অৰ্ধশতক