বিশিষ্ট বাওঁপন্থী নেতা পদ্মেশ্বৰ বৰাৰ বিয়োগত শোক...

গোলাঘাট জিলাৰ উপৰিও সমগ্ৰ অসমৰ বাওঁপন্থী আন্দোলন আৰু চিন্তাৰ এগৰাকী অগ্ৰগামী নেতা পদ্মেশ্বৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

author-image
Tushar Pratim
New Update
বিশিষ্ট বাওঁপন্থী নেতা পদ্মেশ্বৰ বৰাৰ বিয়োগত শোক...

ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ গোলাঘাট জিলাৰ উপৰিও সমগ্ৰ অসমৰ বাওঁপন্থী আন্দোলন আৰু চিন্তাৰ এগৰাকী অগ্ৰগামী নেতা পদ্মেশ্বৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। 

Advertisment

গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী, শিক্ষক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, দৈগ্ৰোং শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মৰঙি আঞ্চলিক জ্যেষ্ঠ নাগৰিক  সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল প্ৰয়াত পদ্মেশ্বৰ বৰাই৷ 

আজি পুৱা গোলাঘাট এখন ব্যক্তিগত হাস্পতালত তেওঁ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।ল 

বোকাখাত