/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2ddc64b6-0959-4b86-8aea-c50dc7464890/kaziranga_15.jpg)
সেৱাৰ পৰিৱৰ্তে দুৰ্নীতিত লিপ্তঃ কাৰ্যালয়ত নাথাকে সভানেত্ৰী, সচিব, সদস্য...
ডিজিটেল সংবাদ কাজিৰঙাঃ দুৰ্নীতিৰ সীমা অতিক্ৰম কৰিছে কাজিৰঙাৰ এটা বিশেষ পঞ্চায়তত ৷জনসাধাৰণৰ প্ৰতি থাকিব লগিয়া সেৱাৰ মনোভাৱৰ বিপৰীতে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক অবহেলা কৰি অহাৰ অভিযোগ।
বোকাখাত মহকুমাৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। অভিযোগ মতে পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ লগতে ৱাৰ্ড সদস্যসকল কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হ’ব লগিয়া হৈছে বহু সংখ্যক হিতাধিকাৰী ৷
এই ক্ষেত্ৰত চৰকাৰে নিযুক্তি প্ৰদান কৰা সচিব গৰাকীও কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে পৰ্যটন থলি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত কাৰ্যালয়টোৰ বহিৰ্ভাগৰ দুৰৱস্থা পৰ্যটন থলি কাজিৰঙাৰ বাবে লজ্জাজনক বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে ৷
এই ক্ষেত্ৰত পঞ্চায়ত সচিবৰ লগতে জনপ্ৰতিনিধি সকলৰ নিয়মীয়া উপস্থিতি আৰু কাৰ্যালয়টোৰ উন্নিতকৰণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us