গোলাঘাটত ডাম্পাৰৰ খুন্দাত এজন নিহত

গোলাঘাটত ডাম্পাৰৰ খুন্দাত এজন নিহত
road accident

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট চহৰ আৰু ইয়াৰ সমীপৱৰ্টী অঞ্চলত মাটি, শিল, বালি, ইটা আদি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাই অহাৰ বিষয়টো চৰ্চিত হৈ অহাৰ সময়তে বুধবাৰে সন্ধিয়া চহৰৰ বেঙেনাখোৱা ৰে'লগেটৰ সমীপত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজনে প্ৰাণ হেৰুৱাবলগীয়া হয়। অভিযোগ অনুসৰি AS 05 AC 3014 নম্বৰৰ এই ডাম্পাৰখনে তীব্ৰবেগত AS-05 N-2007 নম্বৰৰ বাইকখনত পাছফালৰ পৰা খুন্দা মৰাৰ ফলত বাইক আৰহীজন নিহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ডাম্পাৰৰ চালকজনে চলন্ত অৱস্থাত ম'বাইলত কথা পাতি গৈ থাকোতেই বাইকখনত খুন্দা মাৰে। সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে ডাম্পাৰখন জব্দ কৰে। অৱশ্য়ে বাতৰি লিখাৰ সময়লৈ মৃত লোকজন চিনাক্ত কৰিব পৰা হোৱা নাই।

গোলাঘাটত ডাম্পাৰৰ খুন্দাত এজন নিহত
মহানগৰীৰ বৰাগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড : মৃত অৱস্থাত উদ্ধাৰ নাবালিকা,পিতৃৰ অৱস্থা সংকটজনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in