বোকাখাতত ড্ৰাগছসহ আটক এজন...

বোকাখাত আৰক্ষীয়ে মঙলবাৰে বিয়লি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ড্ৰাগছসহ আটক এজন...

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত নগৰৰ মাজমজিয়াত এখন পেট্ৰল পাম্পৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একাংশ যুৱকৰ প্ৰচেষ্টাত বোকাখাত আৰক্ষীয়ে মঙলবাৰে বিয়লি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে । জব্দকৃত ড্ৰাগছৰ পৰিমাণ প্ৰায় ৩০ গ্ৰাম । লগতে এখন ইয়ন গাড়ী জব্দ কৰিবলৈ কৰা হয়।

Advertisment

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বোকাখাত অগৰাতলি নিৱাসী সহদেব দলে নামৰ যুৱক জনে দীৰ্ঘদিন ধৰি একাংশ কম বয়সীয়া যুৱকক ড্ৰাগছৰ প্ৰতি আসক্ত কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । একাংশ যুৱকে কিছুদিন ধৰি সহদেব দলেৰ গতিবিধি লক্ষ্য কৰি আহিছিল।

মঙলবাৰে সহদেবে এ এচ ০৫ এইচ ১৫১৪ নম্বৰৰ ইয়ন' গাড়ী খন চলাই বোকাখাতৰ নাহৰজান তিনি আলি দিশে গৈ থকা অৱস্থাত পেট্ৰল পাম্পটোৰ সমীপত গাড়ীখন ৰখোৱাত স্থানীয় যুৱক সকলে বোকাখাত আৰক্ষীক খবৰ দিয়ে। বোকাখাত আৰক্ষীয়ে সহদেবৰ পকেটৰ পৰা ড্ৰাগছৰ দুটা কনন্টেনাৰসহ দুটা মোবাইল উদ্ধাৰ কৰাৰ লগতে বোকাখাত আৰক্ষীয়ে সহদেবক আটক কৰি গাড়ীখনৰ তালাচী চলোৱাত গাড়ীখনৰ ডেস্ক বৰ্ডৰ তলত লুকোৱাই ৰখা অৱস্থাত ড্ৰাগছসহ তিনিটা ধপাঁতৰ টেমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উপস্থিত যুৱকসকলে জনোৱা মতে সহদেবৰ সৈতে এগৰাকী যুৱতী আছিল যদিও সহদেবক আটক কৰাৰ লগে লগে যুৱতী গৰাকী নিৰাপদে সেই স্থান ত্যাগ কৰি পলায়ন কৰে। সহদেবৰ ঘৰ অগৰাতলি আৰু আমটেঙাত থকাৰ পিছতো বোকাখাত নগৰত এটা ভাড়া ঘৰত আশ্ৰয় লৈ ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

Also Read: অভিলেখৰ শীৰ্ষত শ্ৰী ৰঘুপতি

drugs peddler drugs seized