Advertisment

কান্দোনত ভাঙি পৰিছে ঔগুৰি চাপৰিঃ সাজু হৈছে একে পৰিয়ালৰ তিনিজনৰ চিতা...

অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ নুমলীগড়ৰ একেটা পৰিয়ালৰে ৪ জনকৈ লোকৰ মৃত্যু হৈছিল।আজি ইয়াৰে ৩ জনৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
কান্দুনত ভাঙি পৰিছে ঔগুৰি চাপৰিঃ সাজু হৈছে একে পৰিয়ালৰ তিনিজনৰ চিতা...

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ নুমলীগড়ৰ একেটা পৰিয়ালৰে ৪ জনকৈ লোকৰ মৃত্যু হৈছিল। দেওবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছত আজি ৩ জনৰ মৃতদেহ নুমলীগড়ৰ ৰজাবাৰি-ঔগুৰি চাপৰি গাঁৱলৈ লৈ অহাৰ পাছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। গাওঁখনৰ শ শ লোকে মৃতদেহ তিনিটালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভিৰ কৰিছে। 

Advertisment

আজি পুৱাই স্বগৃহলৈ লৈ অহা সূৰয ছেত্ৰী, ৰঞ্জিত ছেত্ৰী আৰু মিনা ছেত্ৰীৰ মৃতদেহ। আনহাতে বাহনখনৰ চালক অজয় ছেত্ৰীক মঙ্গলবাৰে শদিয়াতে শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে দুৰ্ঘটনাত আহত হৰিমায়া ছেত্ৰী আৰু শিশু ৰশ্মী ছেত্ৰী এতিয়াও ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অঞ্চলটোৰ অতি সৰবৰহী লোক আছিল সূৰয ছেত্ৰী আৰু ৰঞ্জিত ছেত্ৰী। সমাজৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰেও তেওঁলোক জড়িত আছিল। তেওঁলোকৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতে এই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, যোৱা শনিবাৰে অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত ৰয়িং আৰু মায়'ডিয়াৰ মাজ অংশত পথ দুৰ্ঘটনাত পতিত হৈছিল নুমলীগড়ৰ একে পৰিয়ালৰ ৬ জনকৈ লোক। ইয়াৰে ৪ জনে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ পাছতে গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিঙে পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ সকলোধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছিল। সূৰজৰ বিধৱা মাতৃক সাক্ষাৎ কৰি গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ অনাৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিছিল। সেই মতেই আজি ৩ জনৰ মৃতদেহ স্বগৃহলৈ অনা হয়। 

 

পথ দুৰ্ঘটনা বোকাখাত নুমলীগড়