নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে নিশাৰে পৰা অভিভাৱকৰ দীঘলীয়া শাৰী

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ অনীহা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সন্তানৰ নামভৰ্তিৰ অঘোষিত প্রতিযোগিতা চলিছে, সেই সময়তে নুমলীগড়ত দেখা গৈছে ব্যতিক্ৰম দৃশ্য।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে নিশাৰে পৰা অভিভাৱৰ দীঘলীয়া শাৰী

ডিজিটেল সংবাদ,নুমলীগড়: গোলাঘাট জিলাৰ নুমলীগড়ৰ মাজমজিয়াৰ এখন উল্লেখযোগ্য চৰকাৰী শিক্ষানুষ্ঠান হ'ল নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়। যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ অনীহা তথা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে এক অঘোষিত প্রতিযোগিতা চলিছে, তেনে সময়তে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিগত বছৰবোৰৰ দৰে এইবছৰো পৰিলক্ষিত হৈছে এক ব্যতিক্রমী দৃশ্য।

Advertisment

আজি বিদ্যালয়খনত সন্তানক নামভৰ্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র-ছাত্রীয়ে বিদ্যালয়খনত ভিৰ কৰিছে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষ মহেন শইকীয়াই কয় যে, তিনি শতাধিক ছাত্র-ছাত্রীয়ে নতুনকৈ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰি আজি এক বিশেষ  মূল্যায়ন পৰীক্ষাত অৱতীৰ্ণ হয়।

উল্লেখযোগ্য যে ১৯৬৩ ত স্থাপন হোৱা বিদ্যালয়খনত বিগত ২০২৪-২৫ বৰ্ষত ১০৬৫ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল। বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীৰ শাখাত ৮০-৯৫ গৰাকীকৈ ছাত্র-ছাত্রী আছিল। এই বৰ্ষৰ সকলো আবেদনকাৰী ছাত্র-ছাত্রীক নামভর্তি কৰিলে প্ৰতিটো শাখাতে শতাধিক ছাত্র-ছাত্রীক আসন দিব লাগিব।

ফলত পাঠদানৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব। বিদ্যালয়খনত ছাত্র-ছাত্রীসকলক লৈ শ্রেণীকোঠা কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্র-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। বিদ্যালয়খনত শিক্ষাৰ লগতে ফুটবল, ক্রিকেট, কাবাডীকে আদি কৰি বিভিন্ন ধৰণৰ খেল, সাংস্কৃতিক ক্ষেত্রত নৃত্য-গীত, সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বছৰেকীয়া আলোচনী, প্ৰাচীৰ পত্রিকা আদি আৰু বিভিন্ন ক্ষেত্রত ছাত্র-ছাত্রীসকলৰ শৈক্ষিক-সাংস্কৃতিক তথা ক্রীড়া ক্ষেত্ৰত চৰম উৎকর্ষ সাধনৰ চেষ্টা কৰা হৈছে।

বিদ্যালয়খনৰ ফুটবল দলে অসমৰ হৈ নতুন দিল্লীত সুব্ৰত কাপ ফুটবল খেলি আন্তঃৰাষ্ট্ৰীয় খেলখনত সৰ্বাধিক গ'ল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে। বিদ্যালয়খনৰ পৰা বহুজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জন্ম দিছে।

বিদ্যালয়খনৰ প্ৰাৰ্থনাৰ সময়ছোৱাতো প্রতিদিনে বিভিন্ন ব্যতিক্রমী অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ জন্মদিনত গছপুলি ৰোপণকে আদি কৰি অত্যাধুনিক ডিজিটেল লেব, কলাকৃষ্টিৰ কুটীৰ নামৰ এটি সংগ্ৰহালয়কে আদি কৰি বিদ্যালয়ত সংযোজিত হৈ আছে চি চি টিভি। তদুপৰি বিদ্যালয়খনৰ পৰিৱেশ সুস্থ হোৱাৰ উপৰি সেউজ সুন্দৰ হোৱাৰ বাবে ২০১৯ ৰ গ্ৰাছগ্রীণ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।

ইপিনে, বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'নুমলী' বিগত ২০০২ৰ পৰা প্ৰকাশ পাই এই বছৰত ৰূপালী সংখ্যা প্ৰকাশ কৰিলে। আলোচনীখনেও কেইবা ঠাইতো বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে সন্তানক নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দি এজন মানুহ হিচাপে গঢ় দিয়াৰ সপোন ৰচিছে।

কিন্তু আজি মূল্যায়ন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিচতো বিদ্যালয়খনত পঢ়িবলৈ পাব নে নাই ইয়াকে লৈ শিক্ষাৰ্থীসকলে চৰম অনিশ্চয়তাত ভূগিব লগাত পৰিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে অতি শীঘ্রেই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিবলৈ বিভাগীয় কর্তৃপক্ষলৈ আহ্বান জনাইছে।

নুমলীগড়