ডিজিটেল সংবাদ,বোকাখাতঃ অসম চাৰু কলা পৰিষদে বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট চিত্ৰ শিল্পী বিজয় তাঁতীক কলা উদগনি “নীলমণি ফুকন কলা প্ৰদীপ বঁটা ২০২৪"ৰ বাবে নিৰ্বাচন কৰিছে।বোকাখাতৰ বিহৰা চাহ বাগিচাত ১৯৫৮ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত হলধৰ তাঁতী আৰু প্ৰয়াত বিশাখা তাঁতীৰ সন্তান বিজয় তাঁতী বৰ্তমান বোকাখাত আয়ুষ্কৰ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ।
'চাওঁতালী গাৰ্ল', 'মাডাৰ টেৰেছা', 'টি প্লাকিং গাৰ্ল', 'এন অ’লড মেন উইঠ স্মকিং পাইপ', 'দ্যা কমিটমেণ্ট', 'পেডি ফিল্ড', 'জেচাচ খ্ৰাইষ্ট', 'লিলি ফ্লাৱাৰ', 'ডেষ্টিনেচন', 'লষ্ট মেমৰি', 'ভিলেজ লাইফ', 'মাদল বাদক' আদি তেওঁৰ উল্লেখযোগ্য চিত্ৰকৰ্ম।ইয়াৰ উপৰিও বিভিন্ন কিতাপ, আলোচনী, স্মৃতিগ্ৰন্থ আদিৰ বেটুপাত অংকন আদিৰ বাবেও বিশিষ্ট চিত্ৰ শিল্পী গৰাকী চৰ্চিত হৈ আহিছে।
চিত্ৰকলাৰ সমান্তৰালকৈ বিভিন্ন সময়ত তেওঁ লিখি গৈছে চিত্ৰকলা সমন্ধীয় ভালেমান ৰচনা, ইয়াৰ ভিতৰত 'চিত্রকলা আভাস', 'আনটাইটেল্ড', 'চিত্রকলা অধ্যয়ন' তাঁতীৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ। তাঁতী বিহৰা চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক। যোৰহাটৰ প্রয়াত বিশিষ্ট চিত্র শিল্পী মাধৱ বৈশ্য পৰা তেওঁ চিত্ৰকলা শিক্ষা আহৰণ কৰিছিল।
১৯৭৮চনত ৰজাবাৰী হাইস্কুল, কমাৰগাঁও হাইস্কুল, বোকাখাত নাট্য মন্দিৰ, কাজিৰঙাৰ কহঁৰা বাটৰ কেনভাচ মঞ্চ, ২০০০ চনত বোকাখাত অফিচাৰচ্ ক্লাৱৰ লগতে ৰাজ্যখনৰ বহু প্ৰদৰ্শনীত তাঁতীৰ শিল্প কৰ্ম প্ৰদৰ্শন হোৱাৰ উপৰিও বিগত সময়চোৱাত চিত্ৰকলাই বিষয়ক বিভিন্ন কৰ্মশালাত তেওঁ প্ৰশিক্ষক হিচাপে অংশ গ্ৰহন কৰি আহিছে। ২৪ আগষ্টত যোৰহাট তাৰকাগৃহত আয়োজিত এক অনুষ্ঠানত বিজয় তাঁতীক এই “নীলমণি ফুকন কলা প্ৰদীপ বঁটা ২০২৪” প্ৰদান কৰা হ'ব।