কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত শনিবাৰে কাজিৰঙাৰ কহঁৰাস্থিত কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হয়৷ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰাৰ লগতে সকলো শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী উপস্থিতিত শনিবাৰে ১১ নৱেম্বৰৰ দিনটো কিয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰা হয় সেই সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়াই কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই।

Advertisment

তেখেতে কয় যে, ১৮৮৮চনৰ ১১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা মৌলানা আবুল কালাম আজাদে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ কেনেকৈ আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে সেই সম্বন্ধে বক্তব্য আগবঢ়ায়৷ আনহাতে, দুই-এক আসোঁৱাহৰ বাহিৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০য়ে যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ থল আছে সেই সম্বন্ধেও বক্তব্য আগবঢ়ায়৷

ধ্ৰুৱজ্যোতি সাহাই সকলোকে পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভকামনা জনাই আগন্তুক দীপান্বিতাত ফটকা-আতচবাজী পৰিত্যাগ কৰিবলৈ সকলো শিক্ষাৰ্থীক আহ্বান জনায়৷ ইপিনে, সেউজ দীপান্বিতাৰ সংকল্পৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কাজিৰঙা অধ্যয়ন চক্ৰৰ তৰফৰ পৰা গছপুলি বিতৰণ কৰি প্ৰত্যেককে প্ৰকৃতি সুৰক্ষাত ব্ৰতী হ’বলৈ আহ্বান জনোৱা হয়।

Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

national education day