নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰসূতি হস্তিনী আৰু সন্তানৰ মৃত্যু...

গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা শনিবাৰে প্ৰসূতি হাতী আৰু সদ‍্যজাত সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰসূতি হস্তিনী আৰু সন্তানৰ মৃত্যু...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা শনিবাৰে গোলাঘাটৰ বনবিভাগে এজনী প্ৰসূতি হাতী আৰু সদ‍্যজাত সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে। বনবিভাগৰ সূত্ৰে জানিব পৰা অনুসৰি অভয়াৰণ্য খনিৰ ৩৯ নং ৰাষ্ট্ৰীয় পথৰ পৰা প্ৰায় ১০ কিলমিটাৰ ভিতৰৰ গভীৰ অৰণ্যৰ মাজৰ মুৰফুলনী বনখণ্ডৰ অন্তৰ্গত ফেচাবিল অঞ্চলত উদ্ধাৰ কৰা হয় মৃতদেহ।

Advertisment

মাতৃ আৰু সন্তানৰ মৃতদেহ কোনো লোকে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। শনিবাৰে বনবিভাগে পশু চিকিৎসকৰ দলসহ উক্ত স্থানত উপস্থিত হৈ যাৱতীয় অনুসন্ধান কৰাৰ লগতে মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰে। তাৰ পিছতে বিভাগীয় নিয়ম অনুযায়ী সৎকাৰ কৰা হয় হাতী কেইটাৰ। প্ৰসৱজনিত কাৰণতে মাতৃ আৰু সন্তানৰ মৃত্যু হোৱা বুলি বনবিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Also Read: গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছাত্র-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান...

forest department of assam