Advertisment

মেৰাপানীৰ নেঘেৰীবিল বনভোজস্থলীত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিলে নগাই...

অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ কাষৰীয়া মনোৰম বনভোজস্থলী নেঘেৰীবিলত বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগা ভিলেইজ কাউন্সিলে। নেঘেৰীবিলত বনভোজ খাবলৈ গ'লে ভৰিব লাগিব দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা।

author-image
Asomiya Pratidin
New Update
মেৰাপানীৰ নেঘেৰীবিল বনভোজস্থলীত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিলে নগাই...

ডিজিটেল ডেস্ক মেৰাপানীঃ এইবাৰ মেৰাপানী সীমান্তত অসমীয়া লোকৰ প্ৰৱেশৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে নগা ভিলেইজ কাউন্সিলে। অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ কাষৰীয়া মনোৰম বনভোজস্থলী নেঘেৰীবিলত বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগা ভিলেইজ কাউন্সিলে।

Advertisment

নাগালেণ্ডৰ তিনিখনকৈ গাঁৱৰ ভিলেইজ কাউন্সিল সমিতিয়ে জাৰি কৰা এক ফৰমানযোগে নেঘেৰীবিলত বনভোজ খাবলৈ গ'লে ভৰিব লাগিব দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা। মঙ্গলবাৰে নেঘেৰীবিল বনভোজস্থলীৰ প্ৰৱেশপথত নগা ভিলেইজ কাউন্সিলে সংস্থাপন কৰা এখন নিষেধাজ্ঞা সম্বলিত জাননী ফলকে এতিয়া স্থানীয় অঞ্চলবাসীৰ মাজত অথন্তৰৰ সৃষ্টি কৰিছে।

নগালেণ্ডৰ মিকিৰাং, লিঅ' লুংচুম আৰু লুঙায়েম ভিলিইজ কাউন্সিলে জাৰি কৰা জাননী অনুসৰি নেঘেৰীবিল এলেকাত বনভোজ খোৱা, মাছ ধৰা, খৰি কটা আৰু গৰু ছাগলী চৰাবলৈ যোৱা অসমীয়া লোকে দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব।

উল্লেখযোগ্য যে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নেঘেৰীবিল দশক দশক জুৰি বনভোজকাৰী দলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। নৱবৰ্ষৰ আৰম্ভণিৰ সময়চোৱাত নেঘেৰীবিললৈ হাজাৰ হাজাৰ বনভোজ দলৰ আগমন ঘটে।

তেনেস্থলত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নগা ভিলেইজ কাউন্সিলৰ এনে জাননীয়ে এতিয়া সীমান্ত অঞ্চলটোৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এইক্ষেত্ৰত পৰৱৰ্তী সময়ত অসম আৰু নাগালেণ্ডৰ প্ৰশাসনযন্ত্ৰই কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব।

মেৰাপানী