মেৰাপানীত নগাৰ আগ্ৰাসন অব্যাহত...

মেৰাপানীত নগাৰ আগ্ৰাসন অব্যাহত...

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীৰ ওপৰ তৰানি গাঁৱত আগ্ৰাসন চলাইছে নগাৰ এটা বৃহৎ বাহিনীয়ে। অসমীয়া পৰিয়ালৰ ভোগদখলত থকা বৃহৎ ভূমিখণ্ডত নগাই এফালৰ পৰা কাটি তহিলং কৰিছে বহু মূল্যবান গছ গছনি।

শুক্ৰবাৰে পুৱাই প্ৰায় দুই শতাধিক নগাই অঞ্চলটোৰ জিতেন চুতীয়া, কৃষ্ণ গগৈ আৰু ভূৱন শইকীয়াৰ বাৰিত অনাধিকাৰ প্ৰৱেশ কৰি এফালৰ পৰা গছ-গছনি কাটিবলৈ ধৰে। উল্লেখযোগ্য যে, বিগত এটা বছৰ ধৰি উক্ত ভূমিখণ্ডত নগাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে আগ্ৰাসনৰ চেষ্টা চলাই আহিছিল।

আজি নগাৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আতংকিত হৈ পৰে অসমীয়া লোকসকল। প্ৰায় ৫বিঘা ভূমিত গছ-গছনি কাটি তহিলং কৰাৰ সময়তে চিআৰপিএফৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত দলটো আঁতৰি যায়।

মেৰাপানীত নগাৰ আগ্ৰাসন অব্যাহত...
আহোমৰ সাজ পিন্ধিবলৈ লাজ কৰা গৌৰৱ গগৈয়ে ঈদত কিন্তু টুপি পিন্ধি বহি থাকে : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in