গোলাঘাটত অৰ্ধশতাধিক লোকৰ অগপত যোগদান

গোলাঘাটত অৰ্ধশতাধিক লোকৰ অগপত যোগদান

author-image
Asomiya Pratidin
New Update
গোলাঘাটত অৰ্ধশতাধিক লোকৰ অগপত যোগদান

ডিজিটেল সংবাদ, গোলাঘাট: নৱ গঠিত দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ দক্ষিণ হেঙেৰা,দক্ষিণ দক্ষিণ হেঙেৰা,উত্তৰ কমাৰবন্ধা,দক্ষিণ গুৰযোগনীয়া গাওঁ পঞ্চায়তৰ কেইবাজনো লোকে মঙলবাৰে অসম গণ পৰিষদ দলত যোগদান কৰে।

এই উপলক্ষে মঙলবাৰে গোলাঘাটৰ প্ৰগতি চৰাত অনুষ্ঠিত হোৱা এখনি যোগদান সভাত দলৰ সভাপতি অতুল বৰা, মুখপাত্ৰ নুৰুল চুলতান, গোলাঘাট জিলা সমিতিৰ সভাপতি ড০নৃপেন বৰুৱাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে।

এই যোগদান সভাত দীপক গোৱালা,ৰুবুল গগৈ আৰু বিজয় হাজৰিকাৰ নেতৃত্বত অৰ্দ্ধশতাধিক লোকে অগপ দলত যোগদান কৰে।

Also Read: জামুগুৰিহাটৰ বগাবিলত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

agp ATUL BORA