/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ff24b728-741e-4df4-b2cb-baeffaac6049/kaji.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ পৰা সন্ধানহীন অতিথিশালাত কৰ্মৰত এজন যুৱক৷ আয়ৰা অতিথিশালাত কৰ্মৰত ম’হপাৰা লুখুৰাসনীয়া গাওঁৰ প্ৰাঞ্জল গগৈ নামৰ যুৱকজন সন্ধানহীন হোৱাৰ ঘটনাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷
অতিথিশালাত যাও বুলি কৈ উলাই যোৱা যুৱকজনৰ নিৰুদ্দেশৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে কাজিৰঙাত৷ তিনিটা দিন ধৰি কোনো শুংসুত্ৰ নাই যুৱকজনৰ ৷
বিষয়টো সন্দৰ্ভত কহঁৰা আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ। দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ কোনো লোকে সন্ধান পালে ৯৯৫৭২৫৮৯৯১ নম্বৰত যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ ।