/asomiyapratidin/media/media_files/2025/09/17/1-2025-09-17-16-15-37.jpg)
ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত পাম অইলৰ পুলি ৰোপনক কেন্দ্ৰ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ। নগা দখলকৃত অসমভূমিৰ চীডফাৰ্মত নগাই বলপূৰ্বক পাম অইলৰ পুলি ৰোপনৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে মেৰাপানীৰ ভেলৌগুৰি অঞ্চলৰ ৰাইজ।
ইতিমধ্যে ৰোপনৰ বাবে নগালেণ্ডৰ কৃষি বিভাগে চীডফাৰ্মত সাজু কৰিছে হাজাৰ হাজাৰ পাম অইলৰ পুলি। বিগত মাৰ্চ মাহতেই নগাই চীডফাৰ্মত পাম অইলৰ পুলি ৰোপনৰ চেষ্টা চলাইছিল যদিও অসমৰ ৰাইজৰ প্ৰতিবাদত সেও মানি ৰোপন কাৰ্য্যসূচী সাময়িকভাৱে বাতিল কৰিছিল।
যোৱাকালি দুখনকৈ বাহনত সহস্ৰাধিক পাম অইলৰ পুলি চীডফাৰ্মলৈ অনাৰ পাছতে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। আজি শতাধিক ৰাইজ চীডফাৰ্মস্থিত চিআৰপিএফ চাউনিৰ সন্মুখত সমবেত হৈ প্ৰতিবাদমুখৰ হৈ পৰে।
ক্ষোভিত ৰাইজে নিৰপেক্ষ বাহিনী চিআৰপিএফ থকা অৱস্থাত কেনেকৈ পাম অইলৰ পুলি চীডফাৰ্মত সোমোৱালে বুলি জৱাৱদিহি কৰে। ইফালে নাগালেণ্ড কৃষি বিভাগৰ সঞ্চালক জনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে চলিত মাহতেই চীডফাৰ্মত পাম অইলৰ পুলি ৰোপন কাৰ্য্যসূচী আৰম্ভ কৰা হ'ব সদৰি কৰিছে।
এই ক্ষেত্ৰত কৃষক সকলক প্ৰতিবাদ নকৰি সহযোগিতা কৰিবলৈ আহ্বান জনাই অন্যথা বিৰোধ কৰা কৃষক সকলেহে পৰৱৰ্তী সময়ত বিপদত পৰিব বুলি ভাবুকি প্ৰদান কৰিছে। অন্যহাতে প্ৰতিবাদী ৰাইজে আজিৰ ভিতৰতে পাম অইলৰ পুলিসমূহ উভোটাই নিনিলে কালিলৈৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়ায়ো প্ৰতিবাদী ৰাইজক সংগ দিয়ে।