নগাৰ শ্ৰুতলিপিত মেৰাপানী সীমান্তৰ উন্নয়ণমূলক কামত বাধা CRPF ৰ...

নগাৰ শ্ৰুতলিপিত মেৰাপানী সীমান্তৰ উন্নয়ণমূলক কামত বাধা CRPF ৰ...
নগাৰ শ্ৰুতলিপিত মেৰাপানী সীমান্তৰ উন্নয়ণমূলক কামত বাধা CRPF ৰ...

ডিজিটেল সংবাদ মেৰাপানীঃ পুনৰ মেৰাপানী সীমান্তত চলিছে নগাৰ উপদ্ৰৱ। অইবাৰ নগাৰ শ্ৰুতলিপিত মেৰাপানীত চি আৰ পি এফে সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অসমৰ মাটিত উন্নয়ণমূলক কাম কৰাত নগাই হস্তক্ষেপ কৰাৰ বাবেই চি আৰ পি এফৰ বাধা। মেৰাপানী সীমান্তৰ ডি চেক্টৰত অব্যাহত আছে নগাৰ তীব্ৰ আগ্ৰাসন। দমনমূলক নীতিৰে নগাই এটাৰ পিছত এটাকৈ কাম বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে অসমৰ ভূমিত।

মেৰাপানী বজাৰৰ মাজ মজিয়ালৈকে নগাই আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছে। মেৰাপানী বজাৰৰ গাতে লাগি থকা মেৰানৈৰ খনন আৰু জিঅ' বেগ স্থাপনৰ কাম বন্ধ কৰাৰ পাছত এইবাৰ গাঁও পঞ্চায়তৰ পুঁজিৰে মেৰাপানী বজাৰৰ জাৱৰ-জোঁথৰ নিষ্কাষণৰ বাবে এটা গৃহ নিৰ্মাণ কৰিছিল যদিও সেই কাম বন্ধৰ নিৰ্দেশ দিছে মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফে।

ইয়াৰ সমান্তৰালভাৱে অসমৰ ভূমিত চলি থকা জল জীৱন আঁচনিৰ কামো বন্ধ কৰাৰ নিৰ্দেশ দিছে চি আৰ পি এফে। এই ক্ষেত্ৰত চি আৰ পি এফে নগাৰ হৈ পক্ষপাতিত্বমূলক কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

গোজেই গজালি মেলা নগাৰ আগ্ৰাসনে মেৰাপানী সীমান্তত ধাৰাবাহিক সন্ত্ৰাসে জুৰুলা কৰিছে সৰ্বসাধাৰণ অসমীয়াক। অসম চৰকাৰ তথা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবেই অসমৰ মাটিত এনেদৰে আগ্ৰাসন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে গড়বস্তিৰ দীৰ্ঘদিনীয়া ভূমি বিবাদৰ ক্ষেত্ৰত বৰ্তমানলৈকে নোলাল কোনো সামাধানৰ সূত্ৰ। নগাই অহৰ বাধাৰ দিয়াৰ পৰিপ্ৰেক্ষিত সোমবাৰে মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফ শিৱিৰত দুই ৰাইজৰ সীমান্ত দণ্ডাধীশেৰে এক বৈঠকত মিলিত হৈছিল যদিও সমস্যাৰ কোনো মীমাংসা নোলাল আলোচনাত। সম্প্ৰতি এই ঘটনাৰ পাছতেই তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে সীমান্তবাসী জনসাধাৰণে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in