মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন...

মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত  বক্তৃতা প্ৰতিযোগিতা সম্পন্ন...

মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত বক্তৃতা প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ বেকাজানঃ দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত মেৰাপানী টাউন ক্লাব,বিভিন্ন দল-সংগঠন সহযোগত ৭ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ ৯ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰৰ মেৰাপানী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ লগত সংগতি আজি সপ্তম দিনা দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত বিশিষ্ট নিৱন্ধকাৰ মনোজ কুমাৰ শইকীয়া সোঁৱৰণীত "ইণ্টাৰনেটৰ যুগত গ্ৰন্থৰ প্ৰাসংগিকতা" শীৰ্ষক বিষয়ৰটোৰ ওপৰত দুটা শাখাত ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

উক্ত প্ৰতিযোগিতা উদ্বোধন কৰে গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মাই, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে যোৰহাট দেৱীচৰণ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পদ্মলোচন নাথ। গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰবীন গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত জিলা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক কিশোৰ শইকীয়া, জিলা উপ-সভাপতি মৃদুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মদন গগৈ, সদস্য বলীন বৰা, দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি অজিত শইকীয়া, সম্পাদক চন্দ্ৰদীপ গগৈ, মেৰাপানী জাতীয় বিদ্যালয়ৰ সঞ্চালক পল্লৱ বৰবৰুৱা, গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি কেশৱ ফুকনকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ আৰম্ভণিতে ইফালে নিৱন্ধকাৰ মনোজ কুমাৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দৈয়াং শাখা সাহিত্য সভাৰ সভাপতি মহেন বৰুৱাই। বিয়লি চাৰি বজাত বৰডুবি জাতীয় বিদ্যালয়ৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তৰাকাগৃহৰ অনুষ্ঠান উদ্বোধন কৰে অসমীয়া বোলছবি পৰিচালক তথা শিক্ষাবিদ দীনেশ গগৈয়ে।

অনুষ্ঠানত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ শৈক্ষিক বিষয়া পূৰবী দেৱীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাতে কামে বিজ্ঞানৰ কিছু প্ৰদৰ্শনী আৰু অন্ধবিশ্বাস, কু-সংস্কাৰ বনাম বিজ্ঞান শীৰ্ষক প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ছাত-ছাত্ৰীসকলক টেলিস্কোপৰ জৰিয়তে সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ পৰিদৰ্শন কৰাই।

ইফালে সন্ধ্যা স্থানীয় শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসমীয়া বোলছবি প্ৰযোজক, লিখক নৰুল চুলতানে। আনহাতে ১৪ অক্টোবৰ পুৱা ১০ বজাত গোলাঘাট জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত যোগ প্ৰশিক্ষণ, বিয়লি ২ বজাত সোণোৱাল কছাৰীসকলৰ বাৰেৰহণীয়াৰ কৃষ্টি প্ৰদৰ্শন আৰু কবিতা চ'ৰা, বিয়লি ৫ বজাত অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট বুৰঞ্জীবিদ ড° লাচিত বৰুৱাই ।

Also Read: ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...

মেৰাপানী গ্ৰন্থমেলা